ETV Bharat / state

কচুতলীত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - SC Direction on Sonapur Eviction - SC DIRECTION ON SONAPUR EVICTION

SC on Sonapur Eviction : সোণাপুৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ দেশৰ শীৰ্ষ ন্যায়ালয়ৰ । সোণাপুৰৰ কচুতলীত চলি থকা উচ্ছেদ অভিযান বন্ধ কৰাৰ লগতে স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ । লগতে উচ্চতম ন্যায়ালয়ৰ উচ্ছেদ সম্পৰ্কীয় এক অন্তৱৰ্তী ৰায়ৰ প্ৰসংগৰে অসম চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে শীৰ্ষ ন্যায়ালয়ে ।

SC on Sonapur Eviction
সোণাপুৰত উচ্ছেদ অভিযান বন্ধৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ (ANI Photo)
author img

By ANI

Published : Sep 30, 2024, 4:09 PM IST

Updated : Sep 30, 2024, 4:19 PM IST

নিউজ ডেস্ক, ৩০ অক্টোবৰ : সোমবাৰে উচ্চতম ন্যায়ালয়ে সোণাপুৰৰ উচ্ছেদ অভিযানত স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে । লগতে এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষলৈ জাননী জাৰি কৰে ।

সোণাপুৰ অঞ্চলৰ ৪০ জনৰো অধিক বাসিন্দাই আগতীয়া অনুমতি অবিহনে সমগ্ৰ দেশতে উচ্ছেদ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ শীৰ্ষ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশৰ ইচ্ছাকৃত উলংঘনৰ অভিযোগ উত্থাপন কৰি সোণাপুৰত ইয়াৰ অৱমাননাৰ আবেদন দাখিল কৰিছিল । এই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে ।

জ্যেষ্ঠ অধিবক্তা হুজেফা আহমেদীয়ে বিষয়টো সন্দৰ্ভত ন্যায়ালয়ত আবেদনকাৰীক প্ৰতিনিধিত্ব কৰে । আনহাতে, ন্যায়াধীশ বি আৰ গভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে শীৰ্ষ ন্যায়ালয়ৰ পূৰ্বৰ আদেশ উলংঘা কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অৱমাননাৰ প্ৰক্ৰিয়া বিচাৰি কৰা আবেদনৰ ওপৰত অসম চৰকাৰ আৰু অন্যান্যসকলক জাননী জাৰি কৰে ।

"জাননী জাৰি কৰা হওক । ইয়াৰ মাজতে কৰ্তৃপক্ষসমূহে স্থিতাৱস্থা বজাই ৰাখিব লাগিব ।" শীৰ্ষ ন্যায়ালয়ে কয় ।

উল্লেখ্য যে সোণাপুৰ অঞ্চলৰ ৪০ জনৰো অধিক বাসিন্দাই এই বছৰৰ ১৭ ছেপ্টেম্বৰৰ আদালতৰ অন্তৱৰ্তীকালীন আদেশৰ ইচ্ছাকৃত উলংঘনৰ অভিযোগ উত্থাপন কৰি শীৰ্ষ আদালতত আবেদন জনাইছিল । উল্লেখ্য, ছুপ্ৰিম কোৰ্টৰ অন্তৱৰ্তীকালীন আদেশত আগতীয়া অনুমতি অবিহনে সমগ্ৰ দেশতে কোনো উচ্ছেদ কাৰ্য সংঘটিত হ'ব নালাগে বুলি উল্লেখ কৰিছিল । কিন্তু এই আদেশ সত্ত্বেও ৰাজ্য চৰকাৰ তথা স্থানীয় কৰ্তৃপক্ষই সোণাপুৰৰ কচুতলী গাঁৱত উচ্ছেদ অভিযান আৰম্ভ কৰে । তাৰেই পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ বাসিন্দাসকল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

অধিবক্তা আদিল আহমেদৰ জৰিয়তে দাখিল কৰা আবেদনত আবেদনকাৰীসকলে শীৰ্ষ আদালতৰ পূৰ্বৰ আদেশৰ ইচ্ছাকৃত উলংঘন আৰু ইচ্ছাকৃত অৱমাননাৰ বাবে অভিযুক্তসকলৰ বিৰুদ্ধে আদালত অৱমাননাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিচাৰে ।

উল্লেখ্য যে ১৭ ছেপ্টেম্বৰত শীৰ্ষ আদালতে এক অন্তৱৰ্তীকালীন পদক্ষেপত নিৰ্দেশ দিছিল যে পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে আদালতৰ অনুমতি নোলোৱাকৈ সমগ্ৰ দেশৰ কোনো ঠাইত কোনো উচ্ছেদমূলক কাম কৰিব নোৱাৰিব ।

শীৰ্ষ ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে যদি কোনো ৰাজহুৱা স্থানত যেনে পথ, ফুটপাথ, ৰে'ললাইন বা যিকোনো নৈ বা জলাশয়ত পূৰ্বৰ অনুমোদন অবিহনে আন্তঃগাঁথনি নিৰ্মাণ কৰা হয় আৰু লগতে আদালতৰ দ্বাৰা এইবোৰ ধ্বংসৰ নিৰ্দেশ দিয়া থাকে, তেন্তে সেইবোৰৰ ক্ষেত্ৰত শীৰ্ষ ন্যায়ালয়ৰ এই নিৰ্দেশ প্ৰযোজ্য নহ'ব ।

আবেদনকাৰীয়ে লগতে উল্লেখ কৰে যে সংশ্লিষ্ট কৰ্তৃপক্ষই উচ্ছেদৰ বাবে আদালতে প্ৰদান কৰা আদেশ অনুসৰণ কৰা নাই । লগতে উচ্ছেদ বা ধ্বংসৰ বিষয়টো উল্লেখ কৰি কোনোধৰণৰ জাননী বা পত্ৰ প্ৰেৰণ নকৰাকৈ আবেদনকাৰীসকলৰ দেৱালত ৰঙা ৰঙৰ ষ্টিকাৰ বা ৰঙা পতাকা লগোৱা হৈছে ।

ফাৰুক আহমেদকে ধৰি আন আবেদনকাৰীসকলে কয় যে তেওঁলোকে বহু বছৰ ধৰি কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ মৌজাৰ অন্তৰ্গত কচুতলী পথাৰ, কচুতলী আৰু কচুতলী ৰাজহ গাঁৱত বাস কৰি আহিছে ।

আবেদনকাৰীসকলে লগতে কয় যে তেওঁলোকে উক্ত ভূমিবোৰত 'পাৱাৰ অব এটৰ্ণী' সূত্ৰে লাভ কৰা ভূমি অধিকাৰৰ দলিলৰ ভিত্তিত তাত বাস কৰি আহিছে আৰু উক্ত ভূমিবোৰৰ দখল মূল পট্টাদাৰসকলে তেওঁলোকৰ নামত কৰি দিছে ।

আবেদনকাৰীসকলে লগতে কয় যে তেওঁলোক উক্ত ভূমিবোৰৰ গৰাকী নহয় বা তেওঁলোকৰ কোনো মালিকীস্বত্বৰ অধিকাৰ নাই যদিও তেওঁলোকে কিন্তু দখল উপভোগ কৰি আছে আৰু পাৱাৰ অব এটৰ্নি ডকুমেণ্টৰ দ্বাৰা উক্ত ভূমিবোৰত বাস কৰি আছে । এই প্ৰক্ৰিয়া আইনীভাৱে বৈধ প্ৰক্ৰিয়া বুলিও আবেদনকাৰীয়ে উল্লেখ কৰে ।

ইয়াৰ উপৰি তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই বছৰৰ 20 ছেপ্টেম্বৰৰ আদেশৰো উদ্ধৃতি দিয়ে । উচ্চ ন্যায়ালয়ৰ এই আদেশত মহাধিবক্তাই প্ৰতিশ্ৰুতি দিছিল যে 3 ফেব্ৰুৱাৰী, 2020 তাৰিখৰ আদেশত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া ধৰণে প্ৰতিনিধিত্ব নিষ্পত্তি নোহোৱালৈকে আবেদনকাৰীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ'ব ।

"অৱশ্যে বৰ্তমানৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই উচ্ছেদৰ ঘটনাৰ বাবে আদালতৰ দ্বাৰা প্ৰদান কৰা আদেশ অনুসৰণ কৰা নাই আৰু উচ্ছেদ বা ধ্বংসকাৰ্যৰ বিষয় উল্লেখ কৰি কোনো ধৰণৰ জাননী বা পত্ৰ প্ৰেৰণ নকৰাকৈ আবেদনকাৰীসকলৰ দেৱালত ৰঙা ষ্টিকাৰ বা ৰঙা পতাকা লগাইছে ।" আবেদনকাৰীয়ে কয় ।

আবেদনকাৰীসকলে লগতে দাবী কৰে যে তেওঁলোকে প্ৰজন্মৰ পিচত প্ৰজন্ম প্ৰায় সাত-আঠ দশক ধৰি উক্ত অনুসূচিত ভূমিত বাস কৰি আহিছে । কিন্তু তেওঁলোকে কেতিয়াও কাষৰীয়া অঞ্চলত বাস কৰা জনজাতীয় বা সংৰক্ষিত লোকসকলৰ সৈতে কোনো বিবাদ বা সংঘৰ্ষত লিপ্ত হোৱা নাই । তেওঁলোকে সামাজিক হওক বা বাণিজ্যিক, শান্তিপূৰ্ণভাৱে আৰু সকলো সম্প্ৰদায়ৰ লোকৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰাখি তাত বসবাস কৰি আহিছে ।

লগতে উল্লেখ কৰে যে তেওঁলোকৰ বিৰুদ্ধে কেতিয়াও কোনো প্ৰতিবাদ বা বিদ্ৰোহ হোৱা নাই । কিন্তু তাৰ বিপৰীতে চৰকাৰী কৰ্তৃপক্ষই তেওঁলোকক কোনো ধৰণৰ আগতীয়া জাননী অবিহনে উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আবেদনকাৰীৰ বাসগৃহৰ দেৱালত চিন দিছে, যিবোৰ কোনো জাননী অবিহনে উচ্ছেদ বা ভাঙি পেলোৱা হ'ব ।

নিজৰ আবেদনত আবেদনকাৰীয়ে এই কথাও উল্লেখ কৰে যে জিলা প্ৰশাসন কৰ্তৃপক্ষই তেওঁলোকে জনজাতীয় বা সংৰক্ষিত শ্ৰেণীৰ ভূমি অবৈধভাৱে অধিকাৰ কৰি আছে বা তেওঁলোকে বেদখল কৰি আছে বুলি উল্লেখ কৰিছে । কিন্তু তেওঁলোকে উক্ত ভূমিতহে বাস কৰি আছে, যিবোৰত তেওঁলোকক প্ৰকৃত পট্টাদাৰসকলে বাস কৰিবলৈ অনুমতি দিছে । আনহাতে, পাৱাৰ অব এটৰ্ণী কাৰ্যকৰী কৰাৰ পিছতহে তেওঁলোকৰ ভূমিত ঘৰ নিৰ্মাণ কৰিছে ।

অৱশ্যে আবেদনত এই কথাও উল্লেখ কৰা হৈছে যে উক্ত ভূমিবোৰ আবেদনকাৰীসকলক বিক্ৰী কৰা হোৱা নাছিল আৰু আবেদনকাৰীসকলেও কেতিয়াও উক্ত ভূমিবোৰৰ ওপৰত কোনো মালিকীস্বত্ব বা অধিকাৰ দাবী কৰা নাছিল ।

"প্ৰায় ১৯৫০ ৰ দশকৰ পৰা জনজাতীয় বেল্ট গঠন হোৱাৰ পূৰ্বৰে পৰা তেওঁলোক চৰকাৰৰ দ্বাৰা অনুমোদিত পট্টাৰ জৰিয়তে উক্ত অনুসূচিত ভূমিৰ বাসিন্দা । আবেদনকাৰী বা জনজাতীয় লোকসকলে কোনো স্থানান্তৰৰ জৰিয়তে তেওঁলোকৰ ভূমি লাভ কৰা নাই ।" আবেদনত কোৱা হৈছে । ইয়াৰ উপৰি আবেদনকাৰীসকলে আন এক গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিবলৈ অনুৰোধ জনায় যে জনজাতীয় বেল্ট অঞ্চলসমূহৰ সঠিক সীমা নিৰ্ধাৰণ কৰা হোৱা নাই ।

লগতে পঢ়ক :উচ্ছেদক লৈ পুনৰ আদালতত মুখথেকেচা অসম চৰকাৰৰ, সোণাপুৰৰ উচ্ছেদত আদালতৰ‌‌ স্থগিতাদেশ - Eviction Drive in Sonapur
লগতে পঢ়ক :আদালতৰ দ্বাৰস্থ হ'ব সোণাপুৰৰ উচ্ছেদিত পৰিয়াল; উচ্চতম ন্যায়ালয়তো তৰিব গোচৰ - sonapur eviction incident

Last Updated : Sep 30, 2024, 4:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.