ETV Bharat / state

আজৱ কাণ্ড: দলং নিৰ্মাণত ৰডৰ বিপৰীতে বাঁহৰ শলা ব্যৱহাৰ

author img

By

Published : Aug 27, 2021, 6:20 PM IST

যোৰহাটত লোক নিৰ্মাণ বিভাগে দুৰ্নীতিৰ পোহাৰ মেলাৰ অভিযোগ উত্থাপন হৈছে ৷ ঠিকাদাৰ সৈতে মিতিৰালী কৰি আৰচিচি দলং নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিছে বাঁহৰ শলা ৷ যি দৃশ্য দেখি চকু কপালত উঠিছে সচেতন মহলৰ লগতে দল সংগঠনৰ ৷

আজৱ কাণ্ড : দলং নিৰ্মাণত ৰডৰ বিপৰীতে বাঁহৰ শলা ব্যৱহাৰ

যোৰহাট, 27 আগষ্ট: ৰাজ্যত দ্বিতীয় বাৰৰ বাবে শাসনৰ গাদী দখল কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৷ চৰকাৰখনৰ মু্খ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা দুৰ্নীতি আৰু অপৰাধজনিত ঘটনা সমূহ নিৰ্মূল কৰিবৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতি আৰু অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অভিযান অব্যাত ৰাখিছে অসম আৰক্ষীয়ে ৷

ইয়াৰ মাজতে যোৰহাটত সংঘটিত হৈছে এক বৃহৎ দুৰ্নীতি ৷ যি সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এশদিনীয়া কাৰ্যকালৰ সফলতাৰ জয়-ঢোল বজাইছে, সেই সময়তে যোৰহাটত লোক নিৰ্মাণ বিভাগে দুৰ্নীতিৰ পোহাৰ মেলিছে ৷ আৰচিচি দলং নিৰ্মাণত ব্যৱহৃত গাৰ্ড পষ্টত ৰডৰ বিপৰীতে ব্যৱহাৰ কৰিছে বাঁহৰ শলা ৷ যি দৃশ্য দেখি চকু কপালত উঠিছে সাধাৰণ জনতাৰ ৷

লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ সফলতা : খৰ্গ সহ আটক তিনি সৰবৰাহকাৰী

উল্লেখযোগ্য যে, কোটি কোটি টকা ব্যয়ৰ সাপেক্ষে যোৰহাটৰ কলিয়নীৰ পৰা পুৰণি গোঁহাই গাঁও সংযোগী আৰচিচি দলঙৰ গাৰ্ড পষ্ট নিৰ্মাণ কৰোতে ঠিকাদাৰে ৰডৰ বিপৰীতে ব্যৱহাৰ কৰিছে বাঁহৰ শলা ৷ ইপিনে এই পথছোৱাৰ নিৰ্মাণৰ কাম তদাৰকৰ দায়িত্বত আছে যোৰহাটস্থিত পথ সংণ্ডলৰ বিষয়া কৰ্মচাৰী ৷

চৰকাৰী বিষয় ববীয়াই তদাৰক কৰি থকাৰ সময়তে কি দৰে ঠিকাদাৰে ৰডৰ পৰিৱতে বাঁহৰ শলা ব্যৱহাৰ কৰি দলং নিৰ্মাণ কৰিবলৈ সাহস কৰিছে, সেইটো এটা নুবুজা সাঁথৰত পৰিণত হৈছে ৷ এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে এজাক বৰষুণৰ পাছতেই ৷ বৰষুণ দিয়াৰ ফলত পষ্টবোৰ হাউলি পৰাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে বাঁহ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পষ্টবোৰ ৷

লগতে পঢ়কঃ 'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

সম্প্ৰতি সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচত প্ৰধান মন্ত্ৰীৰ গ্ৰাম্য চড়ক যোজনাৰ অধীনত এল 064 কলিয়নী পথাৰৰ পৰা পুৰণি গোহাঁই গাঁৱলৈ পথ নিৰ্মাণৰ কামত নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই পৰিছে স্থানীয় সচেতন ৰাইজৰ লগতে যুৱ ছাত্ৰ পৰিষদ ৷ যুৱ ছাত্ৰ পৰিষদৰ প্ৰশ্ন, লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়ে দৈনিক নিৰীক্ষণ কৰি থকা পাচতো কেনেদৰে ৰডৰ বিপৰীতে বাঁহৰ শলা ব্যৱহাৰৰ কৰি কাম কৰিবলৈ সাহস পালে ঠিকাদাৰে ?

নে ঠিকাদাৰৰ সৈতি জড়িত হৈ আছে একাংশ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী ।‌ এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে ৷ অন্যথা বিভাগটোৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰো হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷ এতিয়া এই দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.