ETV Bharat / state

যোৰহাটত ক'ৰণাৰ গণ সংক্ৰমণঃ যুদ্ধকালীন পৰিৱেশ - যোৰহাট চিকিৎসা মহাবিদ্যালয়

ক'ভিড-১৯ পজিটিভত আক্ৰান্ত এচাম ৰোগীক লৈ অথন্থৰত পৰিব লগা হৈছে একাংশ আশা কৰ্মী । ক'ভিড-১৯ পজিটিভত আক্ৰান্ত লোকে স্বাস্থ্য কৰ্মীসকলক সহযোগ নকৰি কৰিব খোজে পলায়ন । স্বাস্থ্য কৰ্মীৰ লগত যোৱাৰ পৰিৱৰ্তে সুযোগ বুজি যাব খুজে ঘৰুৱা কামলৈহে । চিকিৎসালয়লৈ যাব নিবিচাৰে ক'ভিড-১৯ পজিটিভত আক্ৰান্ত ৰোগী । ক'ৰণাৰ বাবে বিশৈষভাৱে নিয়োজিত ছেক্টৰ বিষয়াৰ লগতে আৰক্ষীৰ লোক অহাৰ পাছতহে যেনিবা বুধবাৰে পৰিসমাপ্তি হ'ল খেদা খেদিৰ এখন নাটকৰ ।

corona-infected-people-deny-to-go-hospital
যোৰহাটত ক'ৰণাৰ গণ সংক্ৰমণ; স্বাস্থ্য কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি কৰিছে যুদ্ধ
author img

By

Published : Jul 15, 2020, 6:48 PM IST

যোৰহাট,১৫ জুলাই: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাতো দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ পজিটিভত আক্ৰান্ত লোকৰ সংখ্যা । ইতিমধ্যে জিলাখনত মঙ্গলবাৰলৈকে আক্ৰান্তৰ সংখ্যা হৈছিল ৪৩৬ গৰাকী । বুধবাৰে পুনৰ ৫০ গৰাকী নতুনকৈ ধৰা পৰাৰ অন্তত এই সংখ্যা হৈছেহি ৪৮৬ ।

জিলাখনত ভয়াৱহভাৱে দৈনিক বৃদ্ধি পোৱা ক'ভিড-১৯ পজিটিভ আক্ৰান্তৰ সংখ্যাৰ সমান্তৰালকৈ এতিয়া হাহাকাৰ অৱস্থা হৈছে জিলাখনত নিয়োজিত আশাকৰ্মীৰ লগতে জৰুৰী কালিন স্বাস্থ্য সেৱা ১০৮ৰ কৰ্মচাৰী সকলৰো । আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ফলত দৈনিক অধিক কষ্ট কৰিব লগা হৈছে এইসকল স্বাস্থ্য কৰ্মীয়ে ।

corona-infected-people-deny-to-go-hospital
যোৰহাটত ক'ৰণাৰ গণ সংক্ৰমণ; স্বাস্থ্য কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি কৰিছে যুদ্ধ

বুধবাৰে যোৰহাটৰ নিউভিল ৰ'ডত নতুনকৈ ৭ জনকৈ লোকৰ দেহত ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছতেই অঞ্চলটোত ঘটিল এক চাঞ্চল্যকৰ ঘটনা । উল্লেখযোগ্য যে কভিড টেষ্টৰ অন্তত নতুনকৈ চিনাক্ত হোৱা ক'ভিড আক্ৰান্তৰ তথ্য ক'ভিডৰ মুখ্য কেন্দ্ৰ আই ডি এছ টি পৰা স্থানীয় আশা কৰ্মীক অৱগত কৰিব লাগে । কিন্তু আই ডি এছ টিৰ একাংশ বিষয়াই স্থানীয় আশাকৰ্মীক সময়ত নতুনকৈ আক্ৰান্তৰ তথ্য অৱগত নকৰাৰ ফলতেই ঠাই বিশেষে দৈনিক সৃষ্টি হৈছে নানা অথন্তৰৰ ঘটনা ।

এই সকল স্বাস্থ্য কৰ্মীৰে সমন্বয়ৰ অভাৱৰ ফলত বুধবাৰে যোৰহাটৰ নিউভিল ৰ'ডৰ পৰা নতুনকৈ চিনাক্ত হোৱা ৭ গৰাকীকৈ লোকক নিবলৈ আহি ঘণ্টাৰ পাছত ঘণ্টা ধৰি জৰুৰীকালিন স্বাস্থ্য সেৱা ১০৮ৰ বাহন ৰৈ থাকিব লগা অৱস্থা হৈছিল । আশাকৰ্মী সকলক সময়ত তথ্য অৱগত নকৰাত এগৰাকী ক'ভিড ১৯ত আক্ৰান্ত মহিলা চহৰখনৰে বালিবাট অঞ্চললৈ দৈনিক কামৰ বাবে ওলাই গুছি যায় ।

আনহাতে ক'ভিড পজিটিভত আক্ৰান্ত আন এগৰাকী মহিলাই স্বাস্থ্য কৰ্মীৰ দলটোক সহযোগ নকৰি ঘৰৰ পৰা যাবলৈ অমান্তি হয় । অৱশেষত ক'ভিড ছেক্টৰ বিষয়াৰ লগতে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পাছতহে স্বাস্থ্য কৰ্মীৰ দলটোৰ লগত যাবলৈ সন্মত হয় ।

শেহতীয়াকৈ যোৰহাট জিলাত ক'ভিড-১৯ পজিটিভত আক্ৰান্তৰ সংখ্যা ভয়াবহ ভাৱে বৃদ্ধি পোৱাৰ ফলত পূৰ্বৰ তুলনাত অধিক সক্ৰিয় হৈ এতিয়া দিনে নিশাই কাম কৰিব লগা হৈছে ১০৮ ৰ কৰ্মচাৰী সকলে । নিজৰ জীৱনটোকো তুচ্চ কৰি ক'ৰণাৰ বিৰুদ্ধে চলা যুঁজখনত নিজকে সমৰ্পন কৰিছে এই সকল যুদ্ধাই ।

উল্লেখযোগ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ক'ভিড চিকিৎসালয়ত ইতিমধ্যে সকলো আসন সম্পূৰ্ণ হৈ পৰিছে । ফলত বুধবাৰে নতুনকৈ চিনাক্ত হোৱা ক'ভিড-১৯ পজিটিভৰ ৰোগী সকলক জাঁজি হাহচৰা স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লগা হৈছে ।

যোৰহাট জিলাত আৰম্ভ হোৱা ক'ৰণাৰ গণ সংক্ৰমণৰ ফলত ভয়াবহভাৱে দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । এনে এক সময়ত যোৰহাটৰ পৰিৱেশ আৰু পৰিস্থিতি অধিক ভয়ংকৰ দিশলৈ গতি কৰা পৰিলয়িত হৈছে ।

লগতে চাওকঃ কোনখন ৰাজ্যত কিমান বৃদ্ধি পালে COVID-19 আক্ৰান্তৰ সংখ্যা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.