ETV Bharat / state

যোৰহাট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ - যোৰহাট পৌৰসভাৰ কাৰ্যকাল

প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাণা গোস্বামীয়ে মঙলবাৰে যোৰহাটৰ জিলা উপায়ুক্তক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷ যোৰহাট পৌৰসভাৰ ভৱনত থকা উন্নয়ন চুপাৰ মাৰ্কেটৰ অসহায় ব্যৱসায়ীক সহায় কৰিবলৈ আহ্বান ৷

congress-submits-memorimdem-aginest-jmb
প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাণা গোস্বামীৰ নেতৃত্বত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
author img

By

Published : May 20, 2020, 6:03 PM IST

যোৰহাট, 20 মে‘ : যোৰহাট পৌৰসভাৰ কাৰ্যকাল যোৱা ৩১ মাৰ্চত উকলি যোৱাৰ পাছত নিয়োগ কৰা এজন কাৰ্যবাহী বিষয়াই দায়িত্ব পালন কৰি আহিছিল । কাৰ্যবাহী বিষয়া গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰি নতুন নতুন আৰ্দেশ জাৰি কৰাৰ ফলত এতিয়া চকুৰে সৰিয়হৰ ফুল দেখিছে একাংশ ব্যৱসায়ীয়ে ।

যিহেতু যোৰহাট পৌৰসভাৰ ভৱনত থকা উন্নয়ন চুপাৰ মাৰ্কেট খনত থকা বহু ব্যৱসায়িক প্ৰতিষ্ঠানে বিগত ৮ বছৰে চুক্তি স্বাক্ষৰ কৰা নাছিল । যাৰফলত বিষয়া গৰাকীয়ে তিনিদিনৰ সময় দি দোকান সমুহ এৰিবলৈ নিৰ্দেশ জাৰি কৰে । কিন্তু বৰ্তমান সময়ত কভিড-19 ৰ ভয়াবহতাৰ বাবে দিয়া লক ডাউনৰ ফলত দোকান সমুহ বন্ধ আছিল ৷ যাৰফলত দোকান সমুহৰ গৰাকী সকলে নতুন বিষয়াই জাৰি কৰা নতুন নিৰ্দেশনা উঠাই লবলৈ অনুৰোধ কৰাৰ লগতে যোৱা ১৮ মে‘ তাৰিখে প্ৰতিবাদো সাব্যস্ত কৰিছিল । এই নিৰ্দেশনা জাৰি হোৱাৰ পাছত সমগ্র যোৰহাট চহৰতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

উক্ত বিষয় সন্দৰ্ভত যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাণা গোস্বামীয়ে মঙলবাৰে জিলা উপায়ুক্ত ৰশ্মি অপাৰন্জী কৰাটীক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰি এই সকল অসহায় ব্যৱসায়ীক সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উচিত ব্যৱস্থা গ্ৰহণ কৰি সহায় কৰিবলৈ অনুৰোধ জনায় ৷

প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাণা গোস্বামীৰ নেতৃত্বত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

এই সকল ব্যৱসায়ীক সহায় নকৰিলে আগন্তুক দিনত যোৰহাট জিলা কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: মুখেৰে চিত্ৰ অংকন বৰপেটাৰ নিৰ্জু ৰাজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.