ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 24, 2021, 4:58 PM IST

Updated : Feb 24, 2021, 7:26 PM IST

পেট্ৰ'ল-ডিজেলকে ধৰি ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰন ৰাইজক কোঙা কৰি পেলাইছে ৷ ৰাজ্যৰ বিভিন্ন সময়ত দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে বুধবাৰে যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

যোৰহাট,24 ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ আহ্বানত নগৰ ব্লক কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ পেট্ৰ'ল-ডিজেলকে ধৰি ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰন ৰাইজক কোঙা কৰি পেলাইছে ৷ বিভিন্ন সময়ত দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত পুনৰ বুধবাৰে যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি তথা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰ অচিলা লৈ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনে তেওঁলোকৰ কাৰ্যকালত পূৰ্বৰ চৰকাৰৰ কাৰ্য কালতকৈও অধিক মূল্যবৃদ্ধি হোৱাত জাঙুৰ খাই উঠিছে সকলো দল সংগঠন ৷ তৰাজান NRL প্ৰেট্ৰল পাম্পৰ সন্মূখত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন সাংসদ দ্বীপ গগৈ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীসহ কংগ্ৰেছ কৰ্মীসকলে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: আৰক্ষীক চৰিওৱা বিজেপি নেত্ৰীলৈ চৰকাৰৰ ৰঙা দলিচা

Last Updated : Feb 24, 2021, 7:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.