যোৰহাট, 28 আগষ্টঃ JEE আৰু NEET ৰ পৰীক্ষা বাতিলৰ দাবীত কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী । সৰ্বভাৰতীয় পৰ্যায়ৰ JEE আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । যোৰহাটতো বিৰোধী দল কংগ্ৰেছৰ যোৰহাট জিলা সমিতিয়ে কংগ্ৰেছৰ ভৱন সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখযোগ্য যে, মহামাৰী কৰ'ণা সংক্ৰমণৰ ভয়াৱহ সময়তে ছাত্ৰ-ছাত্ৰী ভৱিষ্যতৰ কথা চিন্তা নকৰি তথা সমস্যাসমূহ আওকাণ কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধীতাৰে শীঘ্ৰে পৰীক্ষা বাতিল কৰিবলৈ চৰকাৰলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ লগতে বিজেপি চৰকাৰে দেশৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নকৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়কঃ ভাৰত-ম্যানমাৰ সীমান্তত আটক তিনি আলফা কেডাৰ