যোৰহাট, 8 আগষ্ট: বিজেপি চৰকাৰখন ইভেন্ট মেনেজমেণ্ট চৰকাৰ ৷ ছত্তিছগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু অসমৰ লগতে বিভিন্ন প্ৰদেশত বিজেপিত আৰম্ভ হৈছে বিসম্বাদ ৷ শুকুৰবাৰে যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত জিলা কংগ্ৰেছৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টি সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ ।
শেহতীয়াকৈ দেশত আৰম্ভ হোৱা INDIA-ভাৰত বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ৷ বিজেপিক কটাক্ষ কৰি তেওঁ কয় যে আজি পৰা দুমাহৰ আগতেই গঠন হোৱা সন্মিলিত শক্তিৰ নাম I.N.D.I.A হোৱাৰ লগে লগে বিজেপিয়ে ভয় খাইছে ৷ I.N.D.I.A নহৈ যদি ভাৰত হোৱা হ’লেও এইখন চৰকাৰে সংবিধান সলনি কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন ৷
গগৈয়ে আৰু কয় যে বৰ্তমান অসম বিজেপিত বিসম্বাদে চূড়ান্ত ৰূপ লৈছে ৷ কাৰণ এওঁলোকে বিজেপি দলৰ আৰ্দশ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা নাই ৷ বৰঞ্চ নিজৰ ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ আৰু কেলেংকাৰীৰ পৰাৰ বাচি থাকিবলৈহে বিজেপিত যোগদান কৰিছে ৷
তেওঁলোকে আদৰ্শবান নেতা আৰু বিজেপিৰ কোনো ধৰণৰ জ্ঞান-সম্ভাৰে পৰিপূৰ্ণ হৈ থকা গ্ৰন্থৰ বিষয়ে নাজানে বুলি উল্লেখ কৰি বিজেপি কৰ্মীক এই বিষয়ে সুধিবলৈ সাংবাদিকক আহ্বান জনায় গৌৰৱ গগৈয়ে ৷
গৌৰৱ গগৈয়ে লগতে কয় যে বিজেপিৰ ওৱাশ্বিং মেচিনত সোমাই এইসকল দললৈ আহিছে, কংগ্ৰেছক এতিয়া ৰাইজে আদৰি লৈছে আৰু অসম 14টা লোকসভা সমষ্টিতেই ভাল ফলাফল লাভ কৰিব ৷
কংগ্ৰেছে 2024 ৰ লোকসভা নিৰ্বাচনত অসমত কিমানখন আসন লাভ কৰিব সেয়া মাৰ্চত সম্পূৰ্ণকৈ জনাব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷
লগতে পঢ়ক: Silsako Eviction: চৰকাৰী ক্ষতিপূৰণ আমাক নালাগে, আমাৰ মাটি ভেঁটি ঘূৰাই দিয়ক; শিলসাঁকোৰ উচ্ছেদিতৰ দাবী