ETV Bharat / state

বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত ৰণশিঙা কংগ্ৰেছৰ

author img

By

Published : Nov 2, 2020, 6:11 PM IST

টীয়ক সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰস্তুতি ৷ কংগ্ৰেছৰ বিশেষ সভাৰ আয়োজন সমষ্টিটোত ৷ পুনৰ কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হাতত লব পাৰিব বুলি বিশ্বাসী নেতৃবৰ্গই ৷

Congress Meeting organised At Jorhat district teok constituency
বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত ৰণশিঙা কংগ্ৰেছৰ

টীয়ক, 2 নৱেম্বৰ : আগন্তক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমূহে নিজৰ ৰণডংকা বজাবলৈ সক্ষম হৈছে ৷ যোৰহাট জিলাৰ টীয়ক সমষ্টিটো তুংগত উঠিছে নিৰ্বাচনৰ প্ৰস্তুতি ৷ সোমবাৰে কংগ্ৰেছ দলে শক্তি প্ৰদৰ্শন কৰি নিৰ্বাচনী ৰণশিঙা বজালে টীয়ক সমষ্টিত ।

নিখিল ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত হয় টীয়ক নগৰাস্থিত কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ৷ যুৱনেত্ৰী পল্লবী শইকীয়া গগৈৰ নেতৃত্বত তেওঁলোকক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজিত এক অনুষ্ঠানত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ সন্মুখত দলটোৰ নেতৃত্বই আগন্তুক নিৰ্বাচনত বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ সংকল্প গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় । লগতে, বিজেপিৰ মিথ্যাচাৰ অসমৰ ৰাইজে অনুধাৱন কৰি পুনৰ শাসনৰ বাঘজৰী কংগ্ৰেছৰ হাততে তুলি দিব বুলি আশা প্ৰকাশ কৰি সকলোকে ৰাইজৰ পক্ষত থাকি ৰাইজৰ কাম কৰি যাবলৈ আহ্বান জনাই নেতা কেইগৰাকীয়ে ।

লগতে পঢ়ক : পঞ্জাৱ আৰু ছত্তিশগড়ৰ পিচত ৰাজস্থানতো উত্থাপন কৃষি আইন বিৰোধী বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.