ETV Bharat / state

কাকজানত কংগ্ৰেছৰ বুথ সন্মিলনত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী - টীয়ক

সোমবাৰে কাকজানত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বুথ সন্মিলনত ভাগ লয় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ সমাগত নিৰ্বাচনত সকলোকে একগোট হ’বলৈ আহ্বান জনায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

congress-buth-conference-at-teok
কাকজানত কংগ্ৰেছৰ বুথ সন্মিলনত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী
author img

By

Published : Feb 8, 2021, 10:55 PM IST

টীয়ক,8 ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ 102 নং টীয়ক বিধানসভা সমষ্টিৰ কাকজানত সোমবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ বুথ সন্মিলন । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ লগতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি বহু কংগ্ৰেছী নেতা ৷ এই সন্মিলনত ভাগ লয় সমষ্টিটোৰ 171 টা বুথৰ প্ৰায় চাৰি সহস্ৰাধিক কংগ্ৰেছ কৰ্মী ৷

কাকজানত কংগ্ৰেছৰ বুথ সন্মিলনত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী

বিজেপিৰ মিথ্যাচাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ সমাগত নিৰ্বাচনত সকলোকে একগোট হ’বলৈ আহ্বান জনায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, দিল্লীৰ কৃষক বিদ্ৰোহ অতি দুৰ্ভাগ্যজনক বুলি কৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে মুখ্যমন্ত্ৰী বাঘেলে ।

ইফালে কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটবন্ধনে নিৰ্বাচনত 101 খন আসন লাভ কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । চাহ শ্ৰমিকৰ প্ৰতি বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি ৰিপুণ বৰাই কয় যে, যি সময়ত চাহ শ্ৰমিকে মজুৰি বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছিল, সেই সময়ত এই দাবীৰ প্ৰতি গুৰুত্ব নিদি কেৱল 3 হাজাৰ টকা প্ৰদান কৰি চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰিছে বিজেপিয়ে ৷

বিজেপি চৰকাৰে কেৱল ভোটৰ অংকত চাহ শ্ৰমিকৰ মূল সমস্যাৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক : 11 ফেব্ৰুৱাৰীত অখিল গগৈৰ জামিন সন্দৰ্ভত ৰায়দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.