ETV Bharat / state

চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুকলৈ যোৰহাটত প্ৰতিবাদ

author img

By

Published : Aug 4, 2020, 4:33 PM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমুখত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে ৷

congres protest aginest non covid patient death at jmch

যোৰহাট, 4 আগষ্টঃ বিতৰ্কৰ মাজত সোমাই পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় ৷ ক’ভিড আক্ৰান্ত নোহোৱা ৰোগীৰ জীৱনকলৈ হেতালি খেলাৰ অভিযোগ চিকিৎসালয়খনৰ বিৰুদ্ধে ৷ ইয়াকে লৈ চিকিৎসা মহাবিদ্যালয় খনৰ সন্মুখত মঙলবাৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ভুক্তভূগী লোকৰ আত্মীয় আৰু জিলা কংগ্ৰেছে ৷

চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুকলৈ যোৰহাটত প্ৰতিবাদ
চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুকলৈ যোৰহাটত প্ৰতিবাদ

কেইদিনমানৰ পূৰ্বে মৃত্যু হোৱা গৌৰৱ চাহানী নামৰ যুৱক এজনৰ পিতৃয়ে কেমেৰা সন্মুখত কান্দি কান্দি কেনেদৰে যুৱক জনে বিনা চিকিৎসাই মৃত্যুক আকোঁৱালি ললে সেই বিষয়ে বৰ্ণনা কৰে প্ৰতিবাদস্থলীত ৷ তাৰোপৰি তেওঁক চিকিৎসকে বেয়া ব্যৱহাৰ কৰা বুলিও উল্লেখ কৰে ব্যক্তিগৰাকীয়ে ৷

গৌৰৱ চাহানীৰ পিতৃৰ ভাষ্য

আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ অভাৱত মুঠ 4 গৰাকী লোকৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷ ইয়াৰ ফলত দুৰ্ভগীয়া পৰিয়াল কেইটাক ন্যায় প্ৰদানৰ বাবে দাবী কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ আনহাতে স্বাস্থ্য বিভাগৰ ভূমিকাক সমালোচনা কৰে গোস্বামীয়ে ৷

প্ৰতিবাদৰ শেষত কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে যোৰহাট জিলা উপায়ুক্তক বিনা চিকিৎসাই মৃত্যু হোৱা চাৰিওজন লোকৰ ঘটনা সম্পৰ্কে স্মাৰক পত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়কঃ হাইলাকান্দিত দুষ্টচক্ৰৰ আক্ৰমণৰ বলি সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.