যোৰহাট, 7 ফেব্ৰুৱাৰী: যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত তিতাবৰ মহকুমা কৃষি বিভাগৰ অন্তৰ্গত তিতাবৰ কৃষি চক্ৰৰ কচুখাট পঞ্চায়তৰ কাৰ্যালয়ত ৫ ফেব্ৰুৱাৰীত আয়োজিত হয় বিশেষ এক অনুষ্ঠান ৷ এই অনুষ্ঠানত এটি সংযুক্ত খেতি চপোৱা যন্ত্ৰ (মাল্টিক্ৰপ হাৰভেষ্টাৰ) মুকলি কৰা হয় । আনুষ্ঠানিকভাৱে সংযুক্ত খেতি চপোৱা যন্ত্ৰটো মুকলি কৰে তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই (MLA Bhaskarjyoti Baruah)।

জিলাখনৰ কৃষকক কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটিত উপস্থিত থাকি বিধায়কগৰাকীয়ে সমবেত কৃষকক কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে কৃষি যান্ত্ৰিকীকৰণে অসমৰ কৃষি অৰ্থনীতিৰ আমূল পৰিৱৰ্তন ঘটাব । অসম চৰকাৰে কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত বিশেষ উদ্যোগ তথা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰালৈ কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখযোগ্য যে সংযুক্ত খেতি চপোৱা যন্ত্ৰটো কাছধলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী লিমিটেডে কৃষি বিভাগৰ ৯০% ৰেহাই লাভ কৰি ক্ৰয় কৰা হৈছে (Combined harvesting machines inagruation in Jorhat)।

যন্ত্ৰটো কাছধলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী লিমিটেডক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে যোৰহাট জিলা কৃষি বিষয়া ড° নিতুমণি গগৈয়ে । জিলা কৃষি বিষয়াগৰাকীয়ে তেওঁৰ ভাষণত কৃষিক্ষেত্ৰত যন্ত্ৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা, ব্যৱহাৰ প্ৰণালী ইত্যাদিৰ বিষয়ে উপস্থিত কৃষকক অৱগত কৰে । কৃষকসকলৰ লগত মত বিনিময় কৰি কৃষি বিষয়াগৰাকীয়ে কয় যে যন্ত্ৰৰ সঠিক প্ৰয়োগে কৃষি অৰ্থনীতিক নতুন গতি প্ৰদান কৰিব । কাছধলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত তিতাবৰ মহকুমা কৃষি বিষয়া ৰুবুল বৰগোহাঁয়ে উপস্থিত কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত অৱগত কৰে ।
অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞান বিভাগৰ অধ্যাপক ড° নিলয় বৰা, যোৰহাট জিলা কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা মাধৱ চন্দ্ৰ দলে, তিতাবৰ মহকুমাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰণীতা তালুকদাৰ, তিতাবৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া লেখিকা বৰগোহাঁই, মাধপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া দীপজ্যোতি সৰকাৰ, চিপাহিখোলা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ৰাজা ফুকন, কৃষি বিভাগৰ যোৰহাট জিলাৰ মিডিয়া বিশেষজ্ঞ আভা ভৰালী, কৃষি পৰিদৰ্শক অনন্ত দাস আৰু অশোক গোহাঁই, কচুখাট গাঁও পঞ্চায়তৰ সভাপতি পবিত্ৰ শ্যাম উপস্থিত থাকে ।

জিলা কৃষি বিভাগৰ দলটিয়ে কাছধলী ফাৰ্মাচ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা উদ্যোগী কৃষক জয়ন্ত গগৈ আৰু ঋষিকেশ শইকীয়াৰ কৃষিভূমি, গাহৰি পাম, যোৰহাট জিলা কৃষি বিভাগে প্ৰদান কৰা জলসিঞ্চন আঁচনি আদি পৰিদৰ্শন কৰে । ইয়াৰ পিছতে দলটিয়ে মাধপুৰ কৃষি চক্ৰৰ প্ৰগতিশীল মহিলা কৃষক মৌচুমী শ্যামৰ ষ্ট্ৰ’বেৰী, ড্ৰেগন ফ্ৰুইটচ আৰু ফুল খেতি পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয় আৰু পৰামৰ্শ প্ৰদান কৰে । কৃষকগৰাকীক পুলিসমূহ জিলা কৃষি বিভাগে প্ৰদান কৰে ।
লগতে পঢ়ক : Illegal liquor shop in Sivasagar: সুৰাৰ অবৈধ বিপনী ভাঙিবলৈ এইবাৰ ওলাল মহিলা