ETV Bharat / state

CM Visit Jorhat: যোৰহাটতত মুখ্যমন্ত্ৰীয়ে দিলে বহুকেইটা ভালখবৰ - অমৃত উদ্যান যোৰহাট

শুকুৰবাৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma visit Jorhat) ৷ যোৰহাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটবাসীক দিলে বহুকেইটা ভালখবৰ ৷

CM Visit Jorhat
যোৰহাটতত মুখ্যমন্ত্ৰীয়ে দিলে বহুকেইটা ভালখবৰ
author img

By

Published : Feb 4, 2022, 8:33 PM IST

যোৰহাট, 4 ফেব্ৰুৱাৰী: শুকুৰবাৰে যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ দিলে একাধিক ভালখবৰ (CM Himanta Biswa Sarma visit Jorhat) ৷ ঐতিহাসিক কেন্দ্ৰীয় কাৰাগাৰে নতুন ৰূপ পোৱাৰ লগতে অত্যাধুনিক হ’ব উজনি অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাট ষ্টেডিয়াম ।

উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ জিলা পৰিভ্ৰমণ কৰাৰ পাছত যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ কথা জনালে সংবাদ মাধ্যমত । ঐতিহাসিক যোৰহাট জিলা কাৰাগাৰ(Jorhat Central Jail)ক স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘অমৃত উদ্যান’ হিচাপে গঢ়ি তোলাৰ কথা ক’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ বাবে ১০০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে । কাৰাগাৰখনৰ মুঠ ৩০০ বিঘা ভূমিৰ ১০০ বিঘাত উদ্যানখন গঢ়ি তোলা হ’ব । স্বাধীনতা সেনানীসকলৰ ত্যাগক জীয়াই ৰখা হ’ব ।

যোৰহাটতত মুখ্যমন্ত্ৰীয়ে দিলে বহুকেইটা ভালখবৰ

আনহাতে যোৰহাটৰ চিনামৰা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চাহবাগিছাৰ মাজত থকা চিপাহী বিদ্ৰোহ অৰ্থাৎ ১৮৫৭ চনৰ বিদ্ৰোহৰ অসমৰ প্ৰথম শ্বহীদ মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ নতুনকৈ গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে । ইয়াৰোপৰি যোৰহাট ষ্টেডিয়াম(Jorhat Stadium)ক অত্যাধুনিকভাৱে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে । আনহাতে টীয়কস্থিত লাচিত মৈদামৰ বাবে প্ৰদান কৰা হ’ব এক কোটি টকা ৷

উল্লেখ্য যে, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত থকা সুগন্ধি কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি বিজড়িত গৃহটো নিৰ্মাণ কৰি এক গ্ৰন্থাগাৰলৈ ৰূপান্তৰিত কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: PSO Withdrawal: মুখ্যমন্ত্রীৰ আহ্বানৰ পাছতে প্ৰত্যাহাৰ হ'ল ৭২৬ জন নিৰাপত্তাৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.