ETV Bharat / state

CM In Jorhat: ঐতিহাসিক বৰভেটিত সেৱা ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে উপস্থিত হয় যোৰহাটৰ বৰভেটিত ৷ মায়ামৰা সমাজৰ পৰম্পৰাগত সাজ পৰিধান কৰি বৰভেটিত সেৱা ললে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

CM Himanta Biswa Sarma at Borbheti Namghar
যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jul 11, 2023, 4:05 PM IST

যোৰহাটৰ বৰভেটিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

যোৰহাট, 11 জুলাই : দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে যোৰহাটত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে উপস্থিত হয় যোৰহাটৰ বৰভেটিত ৷ মায়ামৰা সমাজৰ ভকত- বৈষ্ণৱ সকলৰ লগত পৰম্পৰাগত সাজ পিন্ধি ঐতিহাসিক বৰভেটিত সেৱা ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে যোৰহাটৰ ঐতিহাসিক মালৌপথাৰস্থিত ধৰ্মীয় স্থান বৰভেটিত উপস্থিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মঙলবাৰে ঐতিহ্যমণ্ডিত বৰভেটিত উপস্থিত হৈ সেৱা গ্ৰহণ কৰাৰ অন্তত, বৰভেটিত উপস্থিত হৈ নিজকে পৱিত্ৰ লাগিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে এই পবিত্ৰ স্থানখন বিশেষ পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়া কথা চিন্তা-চৰ্চা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ লগতে বৰভেটি উন্নয়ন সমিতিয়ে দিয়া কেইবাটাও উন্নয়নমূলক পৰামৰ্শ বিবেচনা কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পবিত্ৰ বৰভেটিত সেৱা লোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে মায়ামৰা সমাজৰ ভকত-বৈষ্ণৱ সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত বৰভেটিৰ বিষয়ে আলোচনা কৰা হয় ৷ বৰভেটিক কিদৰে পূৰ্বৰ তুলনাত অধিক আকৰ্ষণীয় ৰূপত গঢ়িব পাৰি সেই বিষয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিশেষ ভাবে জনোৱা হৈছে বুলি বৰভেটি উন্নয়ন সমিতিৰ এক বিশেষ সুত্ৰই জানিবলৈ দিয়ে ৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে ড৹ হিমন্ত বিশ্ব শৰ্মা সোমবাৰে যোৰহাটত উপস্থিত হৈছিল ৷ সোমবাৰে মুখ্যমন্ত্ৰীজনে পৰিদৰ্শন কৰে টোকলাই চাহ গৱেষণা কেন্দ্ৰ ৷ মঙলবাৰৰ দিনটোত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তাৰ পিছতেই গুৱাহাটীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীজন ৷ ইতিমধ্যে যোৰহাটত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতেই জিলা প্ৰশাসনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷

আনহাতে বিভিন্ন কাৰ্যসূচীৰ অন্তত যোৰহাটৰ ম'হবন্ধাস্থিত স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰীগৰাকী ৷ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা জনাই ৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ ওচৰত বহি টাই পুৰোহিতৰ সৈতে প্ৰাৰ্থনাত মন্ত্ৰোচাৰণ কৰি স্বৰ্গদেওজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে আহোম যুগৰ বিভিন্ন সমলেৰে পৰিপূৰ্ণ হৈ থকা সংগ্ৰালয়ত প্ৰৱেশ কৰি প্ৰতিটো সমল পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক: Constituency Delimitation: কেইবাটাও সমষ্টিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ; দৰং হ’ব ভৈৰৱকুণ্ড, গুৱাহাটী হ’ব প্ৰাগজ্যোতিষপুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.