ETV Bharat / state

যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - যোৰহাট লোকসভা সমষ্টি

মুখ্যমন্ত্ৰী সোণোৱালে যোৰহাট বিধানসভা সমষ্টিৰ পূৰ্বে মৰিয়নী বিধানসভা সমষ্টিত ৰমণী তাঁতী আৰু তিতাবৰ বিধানসভা সমষ্টিত হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মুখ্যমন্ত্ৰীৰ এই যাত্ৰাত সংগ দিয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ।

cm election campaign at jorhat
যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 16, 2021, 9:12 PM IST

যোৰহাট,16 মাৰ্চ: যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াগাঁৱত মঙলবাৰে যোৰহাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ লগতে ছত্তিশগড়ৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী কেদাৰ কাশ্যৱ উপস্থিত থাকে । মুখ্যমন্ত্ৰী গৰাকীয়ে যোৰহাট বিধানসভা সমষ্টিত ১ লাখ ৮২ হাজাৰ ভোটাৰ আছে বুলি উল্লেখ কৰি হিতেন্দ্ৰ নাথ গোস্বামীক ১ লাখ ৩০ হাজাৰ ভোটত জয় কৰাবলৈ জনতাক আহ্বান জনায় ।

তেওঁ লগতে ৰাজ্যখনৰ বিগত সময়চোৱাত শাসন ব্যৱস্থা পৰিষ্কাৰ কৰাৰ লগতে চাকৰিৰ কাৰণে কোনো যুৱক-যুৱতীয়ে ঘোচ দিব নলগা হোৱাৰ ফলত ৰাইজৰ মাজত নতুন সদভাৱনা জাগি উঠিছে বুলি উল্লেখ কৰে । তেওঁ বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, দলটোৰ কাৰ্যকালত অসমৰ সমাজ ব্যৱস্থা অত্যন্ত দুৰ্বল হৈ পৰাৰ লগতে, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ভৰি পৰিছিল ৷ জনতাই এটা সাধাৰণ চাকৰিৰ কাৰণে লাখ লাখ টকা দিবলগীয়া হৈছিল ৷ সেই অৱস্থাৰ পৰা ৰাজ্যখনক তুলি আনিছিল বিজেপি চৰকাৰে ।

যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

তেওঁ লগতে কয় যে, "কংগ্ৰেছৰ দিনত ১৫৬ খন অবৈধ চেকগেট পাতি ধন সংগ্ৰহ কৰা হৈছিল । বিজেপি দলে চৰকাৰ গঠন কৰি এই ১৫৬ খন চেকগেট বন্ধ কৰি দিয়ে । দুৰ্নীতিত লিপ্ত সকলো বিষয়া-কৰ্মচাৰীক ৰঙাঘৰৰ বাট দেখুওৱা হ’ল । বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেইয়া সম্পূৰ্ণ কৰিলে । সন্ত্ৰাসবাদ মুক্ত, প্ৰদূষণ মুক্ত, দুৰ্নীতি মুক্ত, বিদেশী মুক্ত অসম গঢ় দিয়া হ’ল । ভাৰত-বাংলা সীমান্তত ৪৮ কিল’মিটাৰ নদীৰ ওপৰত ইজৰাইলৰ পৰা ছেঞ্চৰ দ্বাৰা ফেঞ্চিং দিয়া হ’ল" । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ পুনৰ উন্নয়ন সাধন কৰিবলৈ পুনৰ বিজেপি দলক চৰকাৰ গঠনৰ বাবে জনতাক আৰ্শীবাদ দিয়াৰ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী সোণোৱালে যোৰহাট বিধানসভা সমষ্টিৰ পূৰ্বে মৰিয়নী বিধানসভা সমষ্টিত ৰমণী তাঁতী আৰু তিতাবৰ বিধানসভা সমষ্টিত হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মুখ্যমন্ত্ৰীৰ এই যাত্ৰাত সংগ দিয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ।

cm election campaign at jorhat
যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

লগতে পঢ়ক: শদিয়াত বিজেপি প্ৰাৰ্থী বলীন চেতিয়াৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.