যোৰহাট, 22 জানুৱাৰী: 'কা' (নাগৰিকত্ব সংশোধনী আইন) আৰু ইআইএ বাতিলৰ দাবীৰে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদী জোঁৰ সমদলৰ অংশ হিচাপে যোৰহাটতো ৰাজপথলৈ উলাই অহা প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
যোৰহাট জগ্ননাথ বৰুৱা মহাবিদ্যালয়ৰ চৌহদৰ পৰা বাহিৰ কৰা প্ৰতিবাদী জোঁৰ সমদলৰ প্ৰতিবাদীকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাছতে উত্তেজিত আছু কৰ্মীৰ সৈতে আৰক্ষীৰ হতাহতি হয় বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে প্ৰতিবাদকাৰী সকলক মহাবিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰতে বাধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিততে উক্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধ সামৰিক দলে মহাবিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰিছিল ৷
যোৰহাট জিলাত 144 ধাৰা অব্যাহত থকা বাবেই এই প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:আছুৰ ‘কা’ বিৰোধী জোৰ সমদলত বাধা আৰক্ষীৰ