ETV Bharat / state

দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থন কৰি যোৰহাটত আটক শতাধিক প্ৰতিবাদকাৰী

author img

By

Published : Jan 7, 2021, 4:34 PM IST

যোৰহাটত চি আই টি ইউ ৰ আইন অমান্য আন্দোলন ৷ দিল্লীৰ কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই চি আই চি ইউৰ উদ্যোগত যোৰহাটত প্ৰতিবাদ ৷ নতুন কৃষি আইনৰ বিৰুদ্ধে চিআইটিইউৰ উদ্যোগত প্ৰতিবাদ কৰি যোৰহাটত শতাধিক প্ৰতিবাদকাৰী আটক ৷ 5 শতাধিক প্ৰতিবাদকাৰীক আটক কৰি বিষ্টুৰাম বৰুৱা হলত বন্দী ৷

citu staged protest in support of farmers agitation going on in delhi
দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থন কৰি যোৰহাটত আটক শতাধিক প্ৰতিবাদকাৰী

যোৰহাট, 7 জানুৱাৰী: নতুন কৃষি আইনৰ বাতিলৰ দাবী উত্থাপন কৰি যোৰহাটত চি আই টি ইউ ৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা শতাধিক লোকক বৃহস্পতিবাৰে প্ৰশাসনে আটক কৰি বিষ্টুৰাম বৰুৱা হললৈ প্ৰেৰণ কৰে ৷ বৃহস্পতিবাৰে শতাধিক প্ৰতিবাদকাৰীয়ে দিল্লীত অৱস্থান কৰা কৃষক সকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই যোৰহাটৰ ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহাৰ পাছতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে ৷

5 শতাধিক প্ৰতিবাদকাৰীক আটক কৰি বিষ্টুৰাম বৰুৱা হলত বন্দী

জানিব পৰা মতে,দেশ জুৰি চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত বৃহস্পতিবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো চি আই টি ইউ,এচএফআই,নিখিল ভাৰত কৃষক সভা,গণতান্ত্ৰিক মহিলা সমিতি,ডি ৱাই এফ আই আদি সংগঠনে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী হাতত লয় ৷

নতুন কৃষি আইন বাতিল কৰাৰ লগতে শ্ৰমিক আইন সংস্কাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰি কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে সমালোচনা কৰি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে আইন সমূহ সংস্কাৰ কৰিম বুলি চৰকাৰখনে এখন এখনকৈ সকলো আইন শেষ কৰিলে ৷

চৰকাৰে আক্ৰোশ মূলকভাৱে আন্দোলনকাৰী কৃষক সকলক অত্যাচাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে যে বিগত চেপ্তেম্বৰ মাহত বিভিন্ন দল সংগঠন তথা কৃষকৰ আপত্তিক আওকান কৰি চৰকাৰে 3 খনকৈ কৃষি আইন প্ৰণয়ন কৰিলে ৷

কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে তিনি নতুন কৃষি আইন বাতিলৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে যে, আইন বাতিল কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ উঠিব ৷ কৃষি আইন বাতিলৰ দাবী উত্থাপন কৰাৰ উপৰিও প্ৰতিবাদকাৰী সকলে ৰন্ধন কৰ্মীৰ মাননি 6 হাজাৰকৈ বৃদ্ধি কৰাৰ লগতে নিৰ্মাণ শ্ৰমিক আঁচনিৰ ধন বৃদ্ধি কৰাৰো দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.