ETV Bharat / state

মাতৃহত্যা ঘটনাৰ তদন্তৰ বাবে মৰিয়নীত CID দল - Crime in Mariani

যোৰহাট জিলাৰ মৰিয়নীৰ মাতৃহত্যাৰ ঘটনাৰ তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত ৪ জনীয়া এটা CID ৰ দল । ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয় CID দলটোৰ বিষয়াসকলে(CID team in Mariani) । বুধবাৰে নিশা মৰিয়নীৰ কালিয়াগাঁৱত সংঘটিত হৈছিল উক্ত চাঞ্চল্যকৰ ঘটনা ।

CID team in Mariani to investigate murder case
মাতৃহত্যা ঘটনাৰ তদন্তৰ বাবে মৰিয়নিত CID দল
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:06 PM IST

মাতৃহত্যা ঘটনাৰ তদন্তৰ বাবে মৰিয়নিত CID দল

যোৰহাট,২৯ ডিচেম্বৰ: যোৰহাটৰ মৰিয়নী ভেলেওগুৰি কালিয়া গাঁৱত বুধবাৰে সংঘটিত হয় এক লাজলগা ঘটনা । পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱাই মাতৃয়ে । যাক লৈ সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । ইয়াৰ মাজতে বৃহস্পতিবাৰে গাঁওখন উপস্থিত হয় ৪ জনীয়া এটা CID ৰ দল ৷ বুধবাৰে নিশা কালিয়াগাঁৱত ৰহস্যজনকভাৱে পুত্ৰৰ আক্ৰমণত মাতৃৰ মৃত্যুৰ হোৱাৰ ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীৰ পৰা আহি মৰিয়নীত উপস্থিত হয় CID দলটো ৷ হঠাতে গাঁওখনত CID দল উপস্থিত হোৱাত সকলোৰে মাজত ব্যাপক উৎকণ্ঠা বৃদ্ধি পায়।

উল্লেখ্য যে বুধবাৰে নিশা ভেলেওগুৰি কালিয়া গাঁৱত বিধৱা মাতৃ আৰু পুত্ৰৰ মাজত পৰিয়ালকেন্দ্ৰিক বাক-বিতণ্ডা আৰম্ভ হয় ৷ পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই ভংয়কৰ ৰূপ লয় ৷ অৱশেষত হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰ নবীন বৰাই জন্মদাত্ৰী মাতৃ নিৰু বৰাক ৰ’ডেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে । বৃহস্পতিবাৰে নিৰু বৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত । উক্ত ঘটনাটোৰ তদন্তৰ বাবেই গুৱাহাটীৰ পৰা ৪ জনীয়া CID ৰ দলটো আহি উপস্থিত হয় বুলি জানিবলৈ দিয়ে ৷

আনহাতে আৰক্ষীয়ে জন্মদাতী মাতৃৰ হত্যাকাৰী পাষাণ নবীন বৰাক ১ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে ৷ মৰিয়নি ভেলগুৰি কালিয়াগাঁৱৰ নবীন বৰা নামৰ পাষাণ পুত্ৰৰ এই জঘন্য কাণ্ডই সভ্য সমাজক হতচকিত কৰাৰ লগতে সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য কৰিছে । মাতৃক হত্যাকাৰীৰ পাষাণ পুত্ৰ নবীন বৰাক কঠোৰ পৰা কঠোৰতম শাস্তি দাবী জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক: ৰ’ডেৰে মৰিয়াই মাতৃক হত্যা কৰিলে পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.