ETV Bharat / state

ধন দাবী কৰি আটক চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক

সম্পাদক গৰাকীয়ে চুতীয়া ছাত্ৰ সন্থাৰ কেইজনমান সদস্যৰ সহযোগত অপহৰণ কৰি হীৰকক আন এটা জাতীয় সংগঠনৰ কাৰ্য্যালয়লৈ লৈ যায় বুলি অভিযোগ কৰে

ধন দাবী কৰি যোৰহাটত আটক চুতীয়া ছাত্ৰ সন্থা নেতা
author img

By

Published : Aug 25, 2019, 11:49 PM IST

যোৰহাট, 25 আগষ্টঃ ধন দাবী কৰি যোৰহাটত আটক চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৷ কপি উবছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৌশল বিকাশ যোজনাৰ অধীনত সাক্ষাৎকাৰ দিবলৈ যোৱা হীৰক জ্যোতি দাস নামৰ যুৱকজনক ধন দাবী কৰাৰ অভিযোগ সম্পাদক ৰাজ বাঢ়ৈ বৰাৰ বিৰুদ্ধে ৷ সম্পাদক গৰাকীয়ে চুতীয়া ছাত্ৰ সন্থাৰ কেইজনমান সদস্যৰ সহযোগত অপহৰণ কৰি হীৰকক আন এটা জাতীয় সংগঠনৰ কাৰ্য্যালয়লৈ লৈ যায় বুলি অভিযোগ কৰে । তাৰ পাচত যুৱকজনক অল্ড চাৰ্কিট হাউচ ৰ'ডত অৱস্থিত এখন ল'জত সোমোৱাই মাৰপিত কৰাৰ লগতে ৫০,০০০ টকা দাবী কৰে ।
কিন্তু যুৱকজনে হাতত ইমানখিনি টকা নথকাত সম্পাদক ৰাজ বাঢ়ৈ বৰাই হিৰক কাম কৰা কপি উবছ নামৰ কোম্পানীলৈ টকা বিচাৰি ফোন কৰিবলৈ কয় । প্ৰতিষ্ঠানটোলৈ ফোন কৰাত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে যোৰহাট আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে হীৰকৰ সন্ধানত তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰে হীৰকৰ বিৰুদ্ধে । অভিযানত আটক কৰিবলৈ সক্ষম হয় ৰাজ বাঢ়ৈ বৰাই ৷ তাৰোপৰি আন চাৰিজন নেতাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

Intro:ধন দাবি কৰি যোৰহাটত আটক চুতীয়া ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক*Body:*

যোৰহাট আৰক্ষীৰ জালত পৰিল সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক ৰাজ বাঢ়ৈ বৰা । ঘটনাৰ বিবৰণি অনুসৰি শনিবাৰে কপি উবছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৌশল বিকাশ যোজনাৰ অধীনত ইন্টাৰভিউ লবলৈ তিতাবৰলৈ গুৱাহাটীৰ চান্দামাৰীৰ হীৰক জ্যোতি দাস নাম যুৱকজন আহিছিল। তিতাবৰত ইন্টাৰভিউ নোহোৱাত যুৱকজন যোৰহাটৰ পুৰনা চাৰ্কিট হাউচ স্থিত এচ আই টি ডিত ইন্টাৰভিউ লবলৈ আহে।
কিন্তু তাতো ইন্টাৰনেট সেৱা নথকাৰ বাবে যুৱকজনে পৰীক্ষা দিবলৈ অহা ১৯জন পৰীক্ষাৰ্থীক অফ লাইন পৰীক্ষা দিয়াৰ কথা উল্লেখ কৰে।আনহাতে অফ লাইন পৰীক্ষাৰ বাবে হীৰক জ্যোতিয়ে পৰীক্ষাৰ্থী সকলৰ পৰিচয় পত্ৰ চাওঁতে এজনো পৰীক্ষাৰ্থীৰ পৰিচয় নিমিলাত হিৰকে পৰীক্ষা লব নোৱাৰাৰ কথা উল্লেখ কৰি গুচি আহে। কিন্তু কাৰ্য্যালয়টোৰ পৰা ওলাই অহাৰ সময়ত ৰাজ বাঢ়ৈ বৰা চুতীয়া নামৰ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সহকাৰী সম্পাদকজনে আন কেইজনমান জাতীয় সংগঠনটোৰ যুৱকৰ সহযোগত সম্পূৰ্ণ হিন্দী চিনেমাৰ কায়দাত হীৰকক অপহৰণ কৰি আন এটা জাতীয় সংগঠনৰ কাৰ্য্যালয়লৈ লৈ যায়। তাৰ পাচত যুৱকজনক অল্ড চাৰ্কিট হাউচ ৰ'ডত অৱস্থিত এখন ল'জৰ ১০৯ নম্বৰ ৰুমত সোমোৱাই মাৰ পিত কৰাৰ লগতে ৫০,০০০ টকা দাবি কৰে।
কিন্তু যুৱকজনে হাতত ইমানখিনি টকা নথকাৰ কথা উল্লেখ কৰাত ৰাজে হিৰকে কাম কৰা কপি উবছ নামৰ কোম্পানীলৈ টকা বিচাৰি ফোন কৰিবলৈ কয়। প্ৰতিষ্ঠানটোলৈ ফোন কৰাত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে যোৰহাট আৰক্ষীক অৱগত কৰে আৰু লগে লগে আৰক্ষীয়ে হীৰকৰ সন্ধানত অভিযান আৰম্ভ কৰে।
আনহাতে ৰাজ নামৰ যুৱকজনক এ এচ ০১ এ এইচ ১২৩৫ নম্বৰৰ বলেৰ' গাড়ী খনেৰে যোৰহাট অজন্তা বাই পাচলৈ লৈ যায়।
কিন্তু সেই সময়তে এখন পুলিচৰ গাড়ী অহা দেখি হিৰকে ৰাজৰ ওচৰৰ পৰা পলাই যাবলৈ সক্ষম হয়। হীৰক পলাই আহি যোৰহাট আৰক্ষী থানাত হাজিৰ হয়হি। আজি পুৱা পশ্চিম যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা ৰাজক যোৰহাট আৰক্ষীৰ এটা দলে আটক কৰে। পিচত হীৰকে ৰাজক চিনাক্ত কৰাত ২২২৪/১৯ কেচ নম্বৰত গোচৰ ৰুজু কৰি ৩৬৪ এ/৩৯২ নম্বৰ ধাৰাত গ্ৰেপ্তাৰ কৰে।
আনহাতে আৰক্ষীয়ে সদৌ অসম চুতীয়া সন্থাৰ লগতে আন কেইটামান জাতীয় সংগঠনৰ নেতা জড়িত আছে বুলি উল্লেখ কৰিছে। ইতিমধ্যে আন চাৰিজন নেতাৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে।

Conclusion:জাতীয় সংগঠনৰ নামত একাংশ কৰা এনে কৰ্ম কান্ড ই ছৱী স্পষ্ট কৰিছে প্ৰকৃততে জাতীয় সংগঠনৰ নামত কি চলিছে।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.