ETV Bharat / state

যোৰহাটত চুতীয়া জাতি যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Jun 8, 2022, 6:33 PM IST

বিভিন্ন দাবীৰে যোৰহাটত চুতীয়া জাতি যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন(Chutia Jati Students Union protest) ৷ শীঘ্ৰেই চৰকাৰে দাবীসমূহ মানি নল'লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ চুতীয়া জাতি যুৱ সন্মিলন অসমৰ ৷

Chutia Jati Students Union protest with various demands in Jorhat
যোৰহাটত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ অৱস্থান ধৰ্মঘট

যোৰহাট, 8 জুন: বিভিন্ন দাবীৰে যোৰহাটত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ(Chutia Jati Students Union protest with various demands) ৷ চুতীয়া জাতিক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবী তুলি সংগঠনটোৱে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত বুধবাৰে পুনৰ যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে চুতীয়া জাতি যুৱ সন্মিলনে ৷ সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰেই তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে ৷

ইফালে, প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰেই চুতীয়াসকলক জনজাতিকৰণ কৰা(Chutia Jati Students Union demands ST status), চুতীয়া জাতিক স্বায়ত্ব শাসন প্ৰদান কৰা, অৰ্থনৈতিক উন্নয়নৰ বাবে চুতীয়া লোকসকলক 200 কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ প্ৰদান কৰা, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেডিকেল কলেজত 10 খন আসন সংৰক্ষণ কৰা আৰু ইঞ্জিনীয়াৰিং কলেজত 10 খন আসন সংৰক্ষণ কৰাৰ লগতে বিদেশত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক এককালীন সাহায্য প্ৰদান আদি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

আনহাতে, উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰেই এই দাবীসমূহ চৰকাৰে মানি নল'লে ভৱিষ্যতে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক : জনজাতিকৰণৰ নামত টাই আহোমসকলক চৰকাৰে প্ৰতাৰণা কৰিছে: টাই আহোম যুৱ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.