ETV Bharat / state

জয়ন্ত বৰাৰ মাতৃলৈ 9 লাখ টকাৰ চেকঃ এক হৃদয় বিদাৰক দৃশ্য - আৰক্ষী আৰু সেনা বাহিনীৰ জিম্মাত মৃত্যু হোৱা তিতাবৰৰ জয়ন্ত বৰা

আৰক্ষী আৰু সেনা বাহিনীৰ জিম্মাত মৃত্যু হোৱা তিতাবৰৰ জয়ন্ত বৰাৰ মাতৃৰ কোলাত 9 লাখ টকাৰ চেক অসম চৰকাৰ আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৷ সন্তানৰ সলনি লাখ টকীয়া চেক কিদৰে গ্ৰহণ কৰে অসহায় মাতৃয়ে !

cheque of 9 lac rupees given to jayanta borah's mother
সন্তানৰ জীৱনৰ পৰিৱৰ্তে মাতৃৰ কোলাত 9 লাখ টকীয়া চেক!
author img

By

Published : Jun 22, 2020, 6:20 PM IST

তিতাবৰ,22জুনঃ এক হৃদয় কঁপাই তোলা দৃশ্য ৷ মাতৃৰ কোলাত সন্তানৰ জীৱনৰ লাখটকীয়া দৰ ৷ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহত যোৱা ১৫ জুনত নিজা বাসগৃহৰ শোৱাপাটীৰ পৰা উঠাই লৈ যোৱাৰ পিছত আৰক্ষী আৰু সেনাবাহিনীৰ জিম্মাত মৃত্যু হোৱা তিতাবৰ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত হাবি গাঁও গাভৰু আলিৰ জয়ন্ত বৰাৰ অস্বাভাৱিক মৃত্যু ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্ত অব্যাহত থকাৰ সময়তে সোমবাৰে অসম চৰকাৰৰ হৈ প্ৰয়াত জয়ন্ত বৰাৰ শোক সন্তপ্ত পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ।

সন্তানৰ পৰিৱৰ্তে মাতৃৰ কোলাত 9 লাখ টকীয়া চেক

অসম চৰকাৰৰ হৈ মন্ত্ৰী যোগেন মহনে প্ৰয়াত জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ হাতত ৬ লাখ টকাৰ এখন চেক প্ৰদান কৰে । সমান্তৰালভাৱে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ হৈ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে পৰিয়ালটোক ৩ লাখ টকাৰ এখন চেক প্ৰদান কৰে । ইয়াৰোপৰি ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে দুৰ্ভগীয়া পৰিয়ালটোক এটি ''ঠেঙাল কুটীৰ"নিৰ্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰে ।

ইফালে মন্ত্ৰী যোগেন মহনে জয়ন্ত বৰাৰ মৃত্যু ঘটনাৰ তদন্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়া অনুসৰি ক্ষীপ্ৰ আৰু নিকা ভাৱে হ'ব বুলি উল্লেখ কৰে ৷

এইখিনিতে জনাই থওঁ, ১৫ জুনৰ মাজনিশা প্ৰায় 12 বজাত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হয় সেনাবাহিনীৰ এটা দল ৷ উপস্থিত হৈয়ে কোনো কাৰণ নজনোৱাকৈ যুৱকজনৰ কোঠাত তালাচী চলাই সেনাৰ দলটোৱে ৷ তালাচীৰ সময়ত যুৱক জনৰ ম'বাইল ফোনটো জব্দ কৰি যুৱক জনক ঘৰৰ পৰা লৈ যায় সেনাৰ দলটোৱে ৷ তাৰ পিছতে সেনা-আৰক্ষীৰ জিম্মাত ৰহস্যজনক ভাৱে মৃত্যু হয় জয়ন্ত বৰাৰ । সেনাৰ অত্যাচাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

লগতে পঢ়কঃ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.