ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবী কৰি আটক ছাত্ৰ মুক্তিৰ সদস্য

author img

By

Published : Nov 20, 2020, 4:36 PM IST

অখিল গগৈৰ মুক্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি যোৰহাটত আটক ছাত্ৰ মুক্তিৰ সদস্য ৷ যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পোষ্টাৰৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰি অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰা ছাত্ৰ মুক্তিৰ সদস্যক আটক যোৰহাট আৰক্ষীৰ ৷

অখিল গগৈৰ মুক্তিৰ দাবী কৰি আটক ছাত্ৰ মুক্তিৰ সদস্য
অখিল গগৈৰ মুক্তিৰ দাবী কৰি আটক ছাত্ৰ মুক্তিৰ সদস্য

যোৰহাট, 20 নৱেম্বৰ: কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে যোৰহাটত কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আটক ছাত্ৰ মুক্তিৰ সদস্য ৷ শুকুৰবাৰে যোৰহাট আৰক্ষীয়ে অখিল গগৈৰ মুক্তিৰ দাবী জনাই প্ৰতিবাদ কৰা ছাত্ৰ মুক্তিৰ সদস্য ভৈৰৱ বৰাক আটক কৰে ৷ অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে পোষ্টাৰৰ মাধ্যমেৰে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে যোৰহাট আৰক্ষীয়ে প্ৰতিবাদ স্থলীৰ পৰাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য গৰাকীক আটক কৰে ৷

প্ৰতিবাদ স্থলীৰ পৰাই ছাত্ৰ মুক্তিৰ সদস্য গৰাকীক আটক

উল্লেখ্য যে অখিল গগৈৰ মুক্তিৰ দাবীৰে দেৱালত অংকন কৰা পোষ্টাৰ মোহাৰি পেলাবলৈ বাধ্য কৰাৰ অভিযোগত ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন চৰকাৰক ফেচিষ্ট চৰকাৰ আখ্যা দি কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবী জনাই অহাৰ মাজতে যোৰহাটতো একেই উদ্দেশ্য লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ছাত্ৰ মুক্তিৰ সদস্য গৰাকীক আটক কৰে ৷

লগতে পঢ়ক :অবৈধ ভাৱে পথ নিৰ্মাণ কৰি থাকোতেই বন বিভাগে নগা লোকৰ পৰা জব্দ কৰিলে এখন JCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.