তিতাবৰ, 1 আগষ্ট : যোৰহাটৰ তিতাবৰ মহকুমা অন্তৰ্গত বালিজানত শুকুৰবাৰে স্থানীয় ৰাইজৰ সহযোগত গৰু চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ দিন দুপৰতে এজনী গাইগৰু চুৰি কৰি লৈ যোৱা অৱস্থাত ৰাইজে আটক কৰে ৰিজোল হুছেইন নামৰ গৰু চোৰটোক ৷ গাঁওবাসীয়ে সোধ-পোচ কৰাত উচিত প্ৰমাণ দিব নোৱাৰে গৰু চোৰটোৱে ৷ গৰুৰ গৰাকী মাধপুৰৰ কিৰণ শৰ্মা নামৰ লোকজনে আৰক্ষী চকীত গৰু চোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
![Cattle thief terror at Titabar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/_31072020201645_3107f_1596206805_980.jpg)
আৰক্ষীয়ে অনুসন্ধান চলাই গৰু ৰচিত ভুৱা পত্ৰ ফাদিল কৰে । আৰক্ষীয়ে ৰিজোল হুছেইনক আটক কৰে যদিও বৰ্তমানো পলাতক অৱস্থাত আছে য়াচিম আলী নামৰ গৰু চোৰটো । বেকাজান আৰক্ষীয়ে কোন জড়িত আছে তাৰ অনুসন্ধান অব্যাহত ৰাখিছে।
উল্লেখ্য যে, দীৰ্ঘ দিনৰ পৰাই বালিজানত গৰু চুৰ হৈ আছে আৰু চুৰি কৰা গৰুবোৰ নাগালেণ্ডত বিক্ৰী কৰা হয় বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : দলং নিৰ্মাণত ব্যৰ্থতাক লৈ বিধায়কৰ বিৰুদ্ধে সৰৱ সমষ্টিবাসী