ETV Bharat / state

যোৰহাট আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী

পুলিবৰ আৰক্ষীয়ে পশ্চিম যোৰহাটৰ চকলানী পথাৰ অঞ্চলৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে গাঞ্জা ৷ উল্লেখযোগ্য যে, কৌশলেৰে গোঁসাই ঘৰত লুকুৱাই থোৱা অৱস্থাত গাঞ্জা খিনি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

যোৰহাটত আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী
যোৰহাটত আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী
author img

By

Published : Jun 25, 2021, 7:30 AM IST

যোৰহাট, 25 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে যোৰহাটতো তীব্ৰতৰ হৈ পৰিছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এইবাৰ যোৰহাট আৰক্ষীৰ অভিযানত জব্দ হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ বৃহস্পতিবাৰে যোৰহাট পুলিবৰ আৰক্ষীয়ে জালত প্ৰায় ৪০ কেজি গাঞ্জা সহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

এক বিশেষ সূত্ৰৰ পম খেদি পুলিবৰ আৰক্ষীয়ে পশ্চিম যোৰহাটৰ চকলানী পথাৰ অঞ্চলৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷ উল্লেখযোগ্য যে, কৌশলেৰে গোঁসাই ঘৰত লুকুৱাই থোৱা অৱস্থাত গাঞ্জাখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ পুলিবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱ চুতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷

আৰক্ষীয়ে এই গাঞ্জা ব্যৱসায়ৰ লগত জড়িত ৰাজেশ সৰকাৰ নামৰ এটা গাঞ্জা ব্যৱসায়ীক আটক কৰে ৷

অভিযোগ অনুসৰি দীৰ্ঘ দিনৰ পৰা ৰাজেশে সৰকাৰে এই ব্যৱসায় চলাই আহিছিল ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী ৷

এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷ তাৰমাজতে ৰাজ্যত অব্যাহত আছে ড্ৰাগছ(DRUGS) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ অসমৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (ASSAM POLICE) ৷

মনকৰিবলগীয়া যে, শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ জিলা আৰক্ষী তথা প্ৰশাসন ৷

লগতে পঢ়কঃ চামগুৰি আৰক্ষীৰ জালত Munna Bhai MBBS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.