যোৰহাট, 9মাৰ্চ: বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা কৰা হ'ল ৰাজ্যৰ সন্মানীয় বিধানসভা সমষ্টি তিতাবৰ সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ৷ সন্মানীয় তিতাবৰ সমষ্টিত কংগ্ৰেছ হাইকামাণ্ডে প্ৰক্ষেপ কৰা নাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তনয় সাংসদ গৌৰৱ গগৈক ৷ 2001 চনৰ পৰা 2016 চনলৈ একেৰাহে চাৰিবাৰকৈ তিতাবৰ সমষ্টিত প্ৰতিদ্বন্বিতা কৰি জয়ী হোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰাধিকাৰী হিচাপে তথা কংগ্ৰেছৰ দূৰ্গ স্বৰূপ তিতাবৰ সমষ্টিত কংগ্ৰেছ হাইকামাণ্ডে 2021ৰ নিৰ্বাচনত প্ৰক্ষেপ কৰিছে ভাস্কৰ জ্যোতি বৰুৱাক ৷
ইপিনে,ভাস্কৰ জ্যোতি বৰুৱাক প্ৰাৰ্থী হিচাপে পাই তিতাবৰৰ ৰাজীৱ ভনৱত আনন্দ উল্লাস কৰা দেখা পোৱা গ'ল তিতাবৰৰ কংগ্ৰেছ কৰ্মীসকলক ৷ সোমবাৰে তিতাবৰ গৰগুৰিৰ পৰা প্ৰায় 5শতাধিক কংগ্ৰেছ কৰ্মীয়ে উষ্ম আদৰণি জনাই ভাস্কৰজ্যোতি বৰুৱাক ৷ আনহাতে, 100 নং তিতাবৰ বিধানসভা সমষ্টিৰ বাবে আজি ভাস্কৰ জ্যোতি বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰিব ৷ লক্ষণীয় হ'ব,2021ত সন্মানীয় তিতাবৰ সমষ্টিত পুনৰ কংগ্ৰেছৰ বিজয়ধজ্জা উৰুৱাবলৈ সক্ষম হ'বনে ভাস্কৰ জ্যোতি বৰুৱাই ৷
লগতে পঢ়কঃনিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই