টীয়ক, 29 ফেব্ৰুৱাৰীঃ টীয়কৰ কাকজান খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্কট ৰোগৰ সজাগতা সভা ৷ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ জনসংখ্যা ভিত্তিক কৰ্কটৰোগ বিভাগৰ উদ্যোগত কেন্দ্ৰটোৰ অধীনস্থ আশাকৰ্মীসকলক লৈ এই সজাগতা শিবিৰ অনুস্থিত কৰা হয় ৷ উক্ত শিবিৰত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ জনসংখ্যা ভিত্তিক কৰ্কটৰোগ বিভাগৰ কাৰিকৰী বিষয়া সাৰংগ বৰুৱাই কৰ্কট ৰোগৰ লক্ষণ চিনাক্তকৰণ তথা প্ৰতিকাৰৰ সম্পৰ্কে মন্তব্য আগবঢ়ায় ৷ লগতে আশাকৰ্মীসকলক নিজ নিজ এলেকাৰ কৰ্কট ৰোগীসকলক অনতি পলমে পঞ্জীয়ন কৰি ৰোগীসকলক চৰকাৰী চিকিৎসা প্ৰদান সহজলভ্য কৰিবলৈও আহ্বান জনায় বিষয়া গৰাকীয়ে ৷
লগতে পঢ়ক-দিল্লী সংঘৰ্ষঃ পাঁচ দিনৰ অন্তত হাস্পতালৰ মৰ্গত ওলাল সন্ধানহীন যুৱকৰ মৃতদেহ