যোৰহাট, 17 ফেব্ৰুৱাৰীঃ সোমবাৰে যোৰহাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আটক হ'ল যুৱক ৷ যোৰহাট আৱৰ্ত্ত ভৱনৰ চৌহদৰ পৰা আটক কৰে }ঋতুৰাজ গোস্বামী নামৰ যুৱকজনক ৷
উল্লেখ্য যে, সোমবাৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ,তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে বহু নেতা-পালি নেতাই ভিৰ কৰেহি যোৰহাট আৱৰ্ত্ত ভৱনত ৷ আগন্তুক নিৰ্বাচনৰ "মিছন ১০০" বাবেই উপস্থিত হয় বিজেপি কৰ্মীসকল ৷ বিজেপিৰ দলীয় আলোচনাত মিলিত হোৱাৰ সময়তে CAA বিৰোধিতা কৰিবলৈ অহা ঋতুৰাজ গোস্বামী নামৰ এজন যুৱকক আৱৰ্ত্ত ভৱনৰ চৌহদৰ পৰা আটক কৰে আৰক্ষীয়ে ।