ETV Bharat / state

ন্যায়ালয়ৰ সমান্তৰালকৈ ৰাজপথটো অব্যাহত "কা" বিৰোধী সংগ্ৰাম

author img

By

Published : Jan 22, 2020, 7:30 PM IST

Updated : Jan 22, 2020, 11:23 PM IST

CAA protest across Assam
ন্যায়ালয়ৰ সমান্তৰালকৈ ৰাজপথটো অব্যাহত "কা" বিৰোধী প্ৰতিবাদ

23:10 January 22

নাগৰিকত্ব সংশোধনী আইনৰ শুনানি দিনাই আমগুৰিত গেজেট নটিফিকেচন দাহ

আমগুৰিত আহি উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ “জন জাগৰণ যাত্ৰা”

আমগুৰি,22 জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি গ্ৰহণ কৰা “জন জাগৰণ যাত্ৰা” আজি আমগুৰিত আহি উপস্থিত হয় । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাষ্ট্ৰীয় দলটোৱে সৰুপথাৰৰ পৰা আৰম্ভ কৰা এই “অস্তিত্ব ৰক্ষাৰ জন জাগৰণ যাত্ৰা” গহপুৰত গৈ সামৰণি পৰিব । তাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত আমগুৰিত আহি উপস্থিত হোৱা এই যাত্ৰাই আমগুৰি নগৰৰ লগতে নগৰৰ উপকণ্ঠ একাংশকো সামৰি লয় । "কেন্দ্ৰীয় চৰকাৰৰ ন্যায়পালিকাৰ ওপৰত কোনো নাই । সেয়েহে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা যোৱা মাহতেই প্ৰতিবেদন বিচৰাৰ পিছতো প্ৰতিবেদন দাখিল কৰা নাই।“ – সাংবাদিকৰ সতে হোৱা এক সাক্ষাৎকাৰত এনেদৰে প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ শুনানি দিনাই আমগুৰিত গেজেট নটিফিকেচন দাহ । আমগুৰিৰ বহুকেইটা জাতীয় দল-সংগঠনে গেজেট নটিফিকেচন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সংশোধিত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত উচ্চতৰ ন্যায়ালয়ে আজি প্ৰদান কৰা শুনানিক লৈ সন্তুষ্ট নহয় আমগুৰিৰ জাতীয় দল- সংগঠন । আমগুৰিৰ আহোম জাতীয় গণমঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আটাছুকে ধৰি জাতীয় সংগঠনে আইনখনৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

22:51 January 22

কোকৰাঝাৰত এবিএমছুৰ দুইঘণ্টীয়া অৱস্থান ধৰ্মঘট

কোকৰাঝাৰ,22 জানুৱাৰীঃ পৰ্বতঝোৰা জিলা সমিতিৰ সহযোগত আজি এবিএমছুৱে কোকৰাঝাৰৰ শিশু উদ্যানৰ সন্মুখত কেবাটাও দাবীৰ সমৰ্থনত দুইঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰা , বিটিএডিৰ সৰ্বস্তৰৰ লোকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ লগতে ভূমি পট্টাহীন লোকক পট্টা দিয়া,বিটিএডি অঞ্চলৰ সংখ্যালঘু জনগণৰ নিৰাপত্তা নিশ্চিত কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ 

22:33 January 22

বিশ্বনাথত CAA বাতিলৰ দাবীত অভিনৱ বাটৰ-নাট

বিশ্বনাথত,22 জানুৱাৰীঃ বিশ্বনাথত CAA বাতিলৰ দাবীত অভিনৱ বাটৰ-নাট ৷ বোকাখাতৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে বিগত ১৬ জানুৱাৰীৰ পৰা অবিৰতভাৱে অসমৰ বিভিন্ন ঠাইত গীত আৰু বাটৰ-নাটৰ জৰিয়তে CAA বাতিলৰ দাবী জনাই আহিছে ৷ তাৰেই পৰিণতি স্বৰূপে বুধবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় দলটো ৷ ইয়াৰ পৰা শদিয়া হৈ ধুবুৰীলৈকে অবিৰতভাৱে ‘কা'ৰ বিৰুদ্ধে এই প্ৰতিবাদ চলাই লৈ যাব বুলি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি প্ৰহ্লাদ মিলিয়ে জানিবলৈ দিয়ে ৷ 

22:09 January 22

কাকপথাৰৰ কৈলাশপুৰত "কা"ৰ প্ৰতিবাদত শোভাযাত্ৰা

কাকপথাৰ,22 জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ শুনানি প্ৰদান কৰা দিনটোতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ অঞ্চলটোৰ প্ৰায় দহ সহস্ৰাধীক ৰাইজে বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি কৈলাশপুৰৰ পৰা ডিৰাক-সোনজানলৈ সাংস্কৃতিক সমদল উলিয়ায় ৷ আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী, কচাৰি আদি জনগোষ্ঠীৰ লোকসকলে নিজৰ নিজৰ সাজপাৰ পৰিধান কৰি কৃষ্টি-সংস্কৃতি পৰিৱেশন কৰে ৷ উক্ত সভাত ভাষণ প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল ছেত্ৰীয়ে অসমত বৰ্তমান নতুন আঞ্চলিৰ দলৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে ৷

21:48 January 22

মৰাণত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ "কা" প্ৰতিবাদ

মৰাণ,22 জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ ‘কা’ শুনানিৰ দিনটোত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়ৰ আছু গোটৰ আহ্বান মৰ্মে "কা"বিৰোধী প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হয় ৷ মৰাণ মহাবিদ্যালয়, খোৱাং মহাবিদ্যালৰ আৰু খোৱাং পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়তো আছু গোটৰ লগতে ছাত্ৰ সমাজে জাতিধ্বংসী আইন খন বিৰোধীতাৰে মহাবিদ্যালয় প্ৰৱেশদ্বাৰত ‘কা’ প্ৰতিলিপি দাহ কৰাৰ লগতে ক'লা পতাকা উত্তোলন কৰে । 

20:30 January 22

যোৰহাটত সাংবাদিক সংস্থা আৰু প্ৰগতিশীল গণ মঞ্চৰ "কা" বিৰোধী প্ৰতিবাদ

যোৰহাট,22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধীতাৰে যোৰহাট সাংবাদিক সংস্থা আৰু প্ৰগতিশীল গণ মঞ্চৰ প্ৰতিবাদ ৷ বুধবাৰে যোৰহাট প্ৰেছ ক্লাৱৰ আহ্বানত যোৰহাট জিলা খনৰ সকলো সাংবাদিক আৰু জাতীয় দল সংগঠনে অংশগ্ৰহণ কৰি উপায়ুক্ত কায্যলয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জূল খাউন্ড তীব্ৰ ভাষাৰে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তক গৰিহণা দিয়ে ৷ 

19:01 January 22

হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিবাদ

গোলাঘাট,22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত আকৌ প্ৰতিবাদ । ক্ষোভত উত্তাল হৈ পৰিছে ছাত্ৰ সমাজ ৷ বুধবাৰে গোলাঘাট জিলাৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ছাত্ৰ সন্থা শাখা গোটৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ক’লা পতাকা উৰুৱাই আইনখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ 

Intro:গোলাঘাটত ছাত্ৰীৰ "কা" বিৰুদ্ধে প্ৰতিবাদ। উচ্চতম ন্যায়ালয়ৰ প্ৰথম শুনানি দিনাই ছাত্র সমাজৰ প্ৰতিবাদ।

Body:নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত আকৌ প্ৰতিবাদ । ক্ষোভত উত্তাল হৈ পৰিছে ছাত্ৰ সমাজ। আজি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি গোলাঘাট জিলাৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ছাত্ৰ সন্থা শাখা গোটৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কলা পতাকা উৰুৱাই আৰু নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নৰেন্দ্ৰ মোদী গ'বেক, সৰ্বানন্দ সোনোৱাল হাই হাই, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে মহাবিদ্যালয়ৰ চৌহদ।

Conclusion:Byte 1: ছাত্ৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম‌।
Last Updated : Jan 22, 2020, 11:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.