ETV Bharat / state

Book released at Teok: টীয়কত অভিনন্দন গ্ৰন্থ উন্মোচন; উপস্থিত যাদৱ পায়েং - Book released programme at Teok

টীয়কৰ জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ত দেওবাৰে আয়োজন কৰা হয় অভিনন্দন গ্ৰন্থ উন্মোচনৰ এক বিশেষ অনুষ্ঠান ৷ নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ভাৰত বৰাৰ জীৱন ভিত্তিক 'সেউজ সুন্দৰ' নামেৰে এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷

Book released programme at Teok
অভিনন্দন গ্ৰন্থ উন্মোচনৰ বিশেষ অনুষ্ঠান
author img

By

Published : Aug 20, 2023, 6:49 PM IST

টীয়কৰ জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ত অভিনন্দন গ্ৰন্থ উন্মোচন

টীয়ক, 20 আগষ্ট: জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ তত্বাৱধানত বিশিষ্ট সমাজকৰ্মী প্ৰতাপ শইকীয়াৰ পৰিকল্পনাত দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান দিয়াৰ উদ্দেশ্যে স্থাপন কৰা জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ত দেওবাৰে আয়োজন কৰা হয় অভিনন্দন গ্ৰন্থ উন্মোচনৰ এক বিশেষ অনুষ্ঠান ৷

উল্লেখযোগ্য যে শিক্ষানুষ্ঠানখনৰ ন্যাসৰ তৰফৰ পৰা অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী, বহু গ্ৰন্থৰ প্ৰণেতা, নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ভাৰত বৰাৰ জীৱন ভিত্তিক 'সেউজ সুন্দৰ' নামেৰে এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে ৷ দেওবাৰে এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড৹ অৱনী ভাগৱতীয়ে ৷

উন্মোচনী ভাষণত ড৹ ভাগৱতীয়ে জীয়াই থাকোতেই এজন মানুহক সন্মান জনাবৰ বাবে গ্ৰহণ কৰা প্ৰয়াসক শলাগ লোৱাৰ লগতে এনে কৰ্ম আন বহুতৰ বাবেই অনুকৰণীয় বুলি কয় ৷ সমাজ জীৱনলৈ আগবঢ়োৱাৰ স্বীকৃতি জীয়াই থকা অৱস্থাত লাভ কৰিবলৈ পোৱাতো সৌভাগ্যৰ কথা ৷ এই উপলক্ষে বিদ্যালয়ৰ নৱ নিৰ্মিত চৌহদত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সব্যসাচী মহন্ত, আন্তৰ্জাতিক পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন আৰু অৰণ্য মানৱ পদ্মশ্ৰী যাদব পায়েং ৷

অনুষ্ঠানৰ পূৰ্বে বিদ্যালয়ৰ চৌহদত কেইবাটাও মূল্যৱান গছৰ পুলি ৰোপণ কৰে পদ্মশ্ৰী পায়েঙে ৷ শিল্পী অশোক বৰাৰ মংগল আচৰণৰে আৰম্ভণি কৰা এই অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে গীত-মাত আদি পৰিৱেশন কৰে ৷ পুৱাৰ ভাগত আমন্ত্ৰিত অতিথি সকলে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰে ৷

ইফালে, টীয়কৰ বিশিষ্ট উদ্যোগপতি প্ৰতাপ শইকীয়াৰ একক প্ৰচেষ্টাত কলিয়াপানীত সম্পূৰ্ণ বিনামূলীয়াকৈ স্থাপন কৰা এই জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়, ৰাজহুৱা শ্মশান, নামঘৰ আদিয়ে তেওঁৰ সমাজিক দ্বায়িত্বৰ পৰিচয় দিছে আৰু অনাগত দিনতো এইদৰে সমাজৰ হকে তেওঁ কাম কৰি যাব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ATTSA: আটছা সৰুপথাৰ শাখাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন সম্পৰ্কত বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.