ETV Bharat / state

বিভিন্ন সংকল্পৰ সৈতে যোৰহাটত বিজেপিৰ সংবাদমেল সম্বোধন - পৌৰসভা নিৰ্বাচনক লৈ যোৰহাটত বিজেপিৰ সংবাদমেল

সমাগত পৌৰসভা নিৰ্বাচনক লৈ যোৰহাট জিলা বিজেপিৰ সংবাদমেল (BJP press meet in Jorhat over municipal elections) সম্বোধন ৷ যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই উক্ত সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য ৷

BJP press meet in Jorhat over municipal elections
পৌৰসভা নিৰ্বাচনক লৈ যোৰহাটত বিজেপিৰ সংবাদমেল
author img

By

Published : Mar 1, 2022, 9:01 AM IST

যোৰহাট, 1 মাৰ্চ : সমাগত পৌৰসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ সোমবাৰে পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি যোৰহাট জিলা বিজেপিয়ে সম্বোধন কৰে এখন সংবাদমেল (BJP press meet in Jorhat over municipal elections) ৷

সংবাদমেলখন সম্বোধন কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই (BJP president of Jorhat addresses press meet) ৷ উক্ত সংবাদমেলৰ জৰিয়তে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে পৌৰসভাতো বিজেপি হ'লেহে উন্নয়ন হ'ব বুলি মন্তব্য কৰে ৷ সেয়েহে সকলোকে বিজেপিক ভোট দিবলৈ সভাপতিগৰাকীয়ে আহ্বান জনায় (BJP press meet in Jorhat) ৷

পৌৰসভা নিৰ্বাচনক লৈ যোৰহাটত বিজেপিৰ সংবাদমেল

সংবাদমেলযোগে বিজেপিৰ সভাপতি হেমন্ত কলিতাই বিশুদ্ধ তথা আৰ্চেনিকমুক্ত পানী যোগান, জাৱৰ নিষ্কাশন, বিহু সমিতিলৈ মাটি দিয়া, চহৰৰ আন্তঃগাঁথনি উন্নয়ন, চহৰত বিজ্ঞানসন্মত প্ৰেক্ষাগৃহ নিৰ্মাণ, সুন্দৰ পদপথ নিৰ্মাণ, প্ৰতিখন চহৰত ক্লক টাৱাৰ, মহিলাৰ বাবে চহৰত জিৰণি কোঠা আৰু আধুনিক শৌচাগাৰ নিৰ্মাণ, মাছ-মাংসৰ স্বাস্থ্যসন্মত বজাৰ নিৰ্মাণ, আধুনিক শ্মশান নিৰ্মাণ, ২৪ ঘণ্টাই খোৱাপানী যোগান, প্ৰতিখন চহৰত একোখন উন্নত মানদণ্ডৰ ষ্টেডিয়াম, একোখন উন্নত উদ্যান, জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে সকলো বিভাগৰ উন্নয়নমূলক কাৰ্যালয়সমূহ সংলগ্ন কৰা, আৰবান হেল্থ চেণ্টাৰৰ সু-ব্যৱস্থা আদি বহু সংকল্প গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰৰ বাবে মঙলবাৰে পুনৰ মণিপুৰলৈ ড৹ হিমন্তবিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.