ETV Bharat / state

তিতাবৰৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি হেমন্ত কলিতাৰ - তিতাবৰ সমষ্টি

তিতাবৰৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান বিজেপি মহাজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ ৷ তিতাবৰক পূৰ্ণাংগ মহকুমা হিচাপে ৰূপ দিয়া, তিতাবৰক এডুকেশ্বন হাব হিচাপে জিলিকাই ৰখা, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিৰ মহাজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ৷

bjp led alliance candidate hemanta kalita

author img

By

Published : Mar 10, 2021, 7:11 PM IST

তিতাবৰ,10 মাৰ্চ: তিতাবৰ সমষ্টিৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাই ৷ বুধবাৰে তিতাবৰত এখনি সংবাদমেল সম্বোধন কৰি মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাই তিতাবৰবাসীৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কলিতাই মন্তব্য কৰে যে, তিনিবাৰকৈ তিতাবৰ সমষ্টিক নিজৰ দখলত ৰখা প্ৰয়াত নেতা তৰুণ গগৈয়ে সমষ্টিটোৰ বাবে দেখা উন্নয়নৰ যি সপোন আছিল, সেই সকলো সপোন পূৰণ কৰিব প্ৰাৰ্থীগৰাকীয়ে ৷

তিতাবৰৰ কেইবাটাও সমস্যা সমাধানৰ কথা কৈ কলিতাই তিতাবৰক পূৰ্ণাংগ মহকুমা হিচাপে ৰূপ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷ 'আমাৰ পথাৰ আমাৰ বজাৰ' এই শ্ল'গানেৰে তিতাবৰত কৰ্মমুখী আঁচনি ৰূপায়ণ, জলসিঞ্চন ব্যৱস্থা সুনিশ্চিত কৰা, কোটিটকীয়া গ্ৰেটাৰ তিতাবৰ পানী যোগান আঁচনিৰ সফল ৰূপায়ণ কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি কলিতাই কয় যে, অসমৰ শৈক্ষিক মানচিত্ৰত তিতাবৰক এডুকেশ্বন হাব হিচাপে জিলিকাই ৰখাৰ উদ্দেশ্যে বিধায়ক হিচাপে ব্যৱস্থা ল’ব মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাই ৷

তিতাবৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতি হেমন্ত কলিতাৰ

ঠেঙাল কছাৰী ৰাইজৰ উন্নয়নৰ বাবেও বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কলিতাই বৰহোলাত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: প্ৰয়াত তৰুণ গগৈৰ সমষ্টিৰ উত্তৰাধিকাৰীৰ ৰূপত ভাস্কৰজ্যোতি বৰুৱা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.