যোৰহাট ,১৬ অক্টোবৰ: পঞ্চগ্ৰাম শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিৰ (Panchagram Srimanta Sankardeva Janmotsav Samiti) সৌজন্যত সোনালী জয়ন্তী বৰ্ষ গৰকা যোৰহাটৰ বৰবৰুৱা টেকেলা গাঁৱৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৫৭৪তম জন্মোৎসৱ পালন (574th Birth Anniversary of Srimanta Sankardeva) কৰা হয় । নামঘৰ বাকৰিৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠী কৃষ্টি সংস্কৃতি বাৰেহনীয় শোভাযাত্ৰাৰে এক সমদল উলিওৱা হয় । বৃহত্তৰ অঞ্চলবাসী ৰাইজে উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।
অসমীয়া ভাষা,কলা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ ৫৭৪ সংখ্য়ক জন্মোৎসৱ উত্তৰ যোৰহাট বৰবৰুৱাৰ (Tekela of North Jorhat Barbarooah) টেকেলা,নকাৰি,শকাইমুখীয়া,জখৰীয়া,চিৰতীয়া,বৰিগাৱ ধৰ্ম সন্মিলনী সভা আৰু নকাৰি বাপুজী কলা কৃষ্টি কেন্দ্ৰকে ধৰি বৃহত্তৰ অঞ্চল সামৰি গঠন হোৱা পঞ্চগ্ৰাম শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিয়ে সোণালী জয়ন্তী বৰ্ষ (Golden Jubilee of Sankardeva Birth Anniversary) হিচাপে পালন কৰিছে । চাৰিদিনীয়া কাৰ্যসূচীৰে বৰবৰুৱাৰ টেকেলা গাৱঁ নামঘৰত পালন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ ।
আজি শেষ দিনা উক্ত কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰে শিৱসাগৰ জিলা স্কুল পৰিৰ্দশক কমলজোতি গগৈয়ে । উক্ত চাৰিদিনীয়া কাৰ্যসূচীত পঞ্চগ্ৰামৰ সমূহ নামঘৰ চৌহদত বৃক্ষ ৰোপণ,অধিবাস,প্ৰাত:প্ৰসংগ,নাম প্ৰসংগ,কৃতি ছাত্ৰ -ছাত্ৰীক অভিনন্দন,স্মৃতি গ্ৰন্থ উন্মোচন, পঞ্চগ্ৰামৰ সমূহ সদস্য সদস্যাৰ গৃহত বন্তি প্ৰজ্বলন, ভাগৱতসহ বাৰে ৰহনীয়া শোভাযাত্ৰা আদি উলিওৱা হয় ।
উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল ১৫-১৬ শতিকাৰ এগৰাকী সাধু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্যশিল্পী, অভিনেতা, সংগীতজ্ঞ, শিল্পী, সামাজিক-ধৰ্মীয় সংস্কাৰক আৰু অসম তথা ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব (Assamese polymath Srimanta Sankardeva) ।
নাট্য প্ৰদৰ্শনৰ অনন্য ৰূপ অংকীয়া নাট-ভাওনা (Sankardeva theatrical performance Ankia Naat), সত্ৰীয়া নৃত্য, সাহিত্যিক ভাষা ব্ৰজাৱলীৰ সৃষ্টিৰ বাবে তেওঁক বিশেষ কৃতিত্ব প্ৰদান কৰা হয় (Brajavali language developed by Sankardeva) । ইয়াৰ উপৰি তেওঁ সংস্কৃত, অসমীয়া আৰু ব্ৰজাৱলী ভাষাৰ সংমিশ্ৰণত লিখা শাস্ত্ৰ ভাগৱত, কবিতা আৰু ধৰ্মীয় ৰচনাসমূহৰ এক বিস্তৃত সাহিত্যিক সম্ভাৰৰ অৱদান আগবঢ়াই থৈ গৈছে ।
তেওঁ আৰম্ভ কৰা ভাগৱতী ধৰ্মীয় আন্দোলন (Bhagavatic religious movement), একশৰণ ধৰ্ম, যাক নৱ-বৈষ্ণৱ আন্দোলন (Neo Vaishnavite movement) বুলিও কোৱা হয়, দুই মধ্যযুগীয়া সাম্ৰাজ্য কোচ আৰু আহোমক প্ৰভাৱিত কৰিছিল । তেওঁ আৰম্ভ কৰা ভক্তসকলৰ সমাবেশ পৰম্পৰা সময়ৰ লগে লগে সত্ৰ নামৰ সন্ন্যাস কেন্দ্ৰলৈ বিকশিত হৈছিল (monastic centers called Satras)।
লগতে পঢ়ক:Dibrugarh Tense Situation : ৰাজপথত বেগ থৈ বাৰত যুৱক, সৃষ্টি হ’ল বোমাতংক