যোৰহাট,২০ নৱেম্বৰ: সুধাকন্ঠ ড0 ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে,যদি হে অকণো নাভাৱে,ভাৱিব কোনোনো কোৱা গীতৰ কথাৰ দৰে এটা কাহিনী । এই গীতৰ দৰে গৰীৱৰ বন্ধু বিৰাজ বৰুৱাৰ কৰ্ম ৷ এটা দৰিদ্ৰ পৰিয়ালক এটা গৃহ উপহাৰ দিলে গৰিৱৰ বন্ধু হিচাপে খ্যাত বিৰাজ হাজৰিকাই ।
যোৰহাটৰ পানিচুকুৱাত মিনো বৰা নামৰ এগৰাকী আইতা আৰু এগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে বসবাস কৰিছিল ফুটা টিনৰ এটা গৃহত । এই বিশেষ বাতৰি টেলিভিচন চেনেলত সম্প্ৰচাৰৰ পাছতেই ভাইৰেল হৈ পৰিছিল social media ত । ইয়াৰ পাছতেই দৰিদ্ৰ পৰিয়ালটোক সকাহ দিবৰ বাবে এটা গৃহ উপহাৰ দিয়ে বিৰাজ হাজৰিকাই ৷ সমাজত যে এতিয়াও মানৱীয় প্ৰমূল্য হেৰাই যোৱা নাই তাৰেই জলন্ত প্ৰমাণ বিৰাজ হাজৰিকা ।
লগতে পঢ়ক: অখিল গগৈৰ মুক্তিৰ দাবী কৰি আটক ছাত্ৰ মুক্তিৰ সদস্য