তিতাবৰ, 3 এপ্ৰিল : অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামানদিন বাকী । ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ সময়তে অসমৰ প্ৰান্তে প্ৰান্তে চলিছে কেৱল বিহুৰ কৰ্মশালা । তিতাবৰ বেকাজান মিলনভূমি অঞ্চলত মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত আকৰ্ষণীয় পৰিৱেশত অনুষ্ঠিত হৈছে বিহু নাচৰ আখৰা ।
ৰঙালী বিহুৰ উদ্দেশ্যে গাঁৱৰ মহিলাসকলে জেং বিহুৰ দল গঠন কৰিছে ৷ প্ৰায় 20 গৰাকী মহিলা লগ হৈ অব্যাহত ৰাখিছে বিহুৰ আখৰা ৷ এই আখৰাত অঞ্চলটোৰ বহু সংখ্যক শিশু-কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : ‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন