ETV Bharat / state

মৰিয়নীত ক'ভিড আক্ৰান্তৰ সৈতে বিহু নৃত্য চিকিৎসক-নাৰ্চৰ - BIHU DANCE AT COVID CARE CENTRE

মৰিয়নী চুঙি লাহিং স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাকৰ্মী আৰু ক'ভিড-19 সংক্ৰমিত ব্যক্তিৰ বিহু নৃত্যই আপ্লুত কৰিছে বহুজনকে ৷ চিকিৎসা প্ৰদানৰ সমান্তৰাল ভাৱে ৰোগীৰ মনোবল বৃদ্ধিৰ বাবেই এইধৰণৰ নৃত্য-গীত কৰাত ব্যস্ত স্বাস্থ্যকৰ্মী সকল ৷

BIHU DANCE AT MARIANI COVID CARE CENTRE
মৰিয়নীত ক'ভিড আক্ৰান্তৰ সৈতে বিহু নৃত্য চিকিৎসক-নাৰ্চৰ
author img

By

Published : Jul 23, 2020, 7:19 PM IST

মৰিয়নী,23 জুলাইঃ মৰিয়নীৰ এখন ক'ভিড চিকিৎসালয়ত ক'ভিড আক্ৰান্তৰ সৈতে বিহু নৃত্য কৰিছে চিকিৎসক নাৰ্চে। নৃত্য-গীতৰ মাজত ব্যস্ত মৰিয়নী চুঙি লাহিং স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসাকৰ্মী আৰু ক'ভিড ৰোগী ৷

মৰিয়নীত ক'ভিড আক্ৰান্তৰ সৈতে বিহু নৃত্য চিকিৎসক-নাৰ্চৰ
যোৰহাট জিলাত ক'ভিড সংক্ৰমনে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ক'ভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা নিতৌ বৃদ্ধি হোৱাৰ ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংক্ৰমিত সকলক চিকিৎসা প্ৰদান কৰিবলৈ বিচনাৰ অভাৱ হয়। ফলত ক'ভিড-19ত আক্ৰান্ত ব্যক্তি সকলক জিলা খনৰ অন্যান্য ঠাইৰ লগতে মৰিয়নীৰ চুঙি লাহিং স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়তো ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। ইতিমধ্যে এই চিকিৎসালয় খনত দুকুৰিৰো অধিক ক'ভিড-19 আক্ৰান্ত ব্যক্তিক ৰখা হৈছে। কিন্তু শেহতীয়াকৈ দেখা গৈছে আক্ৰান্ত ব্যক্তি সকলক চিকিৎসা প্ৰদানৰ সমান্তৰাল ভাৱে মনোবল বৃদ্ধিৰ প্ৰচেষ্টা হাতত লয় চিকিৎসালয়ত নিয়োজিত চিকিৎসাকৰ্মী সকলে। পি পি ই কিট পৰিধান কৰি চিকিৎসাকৰ্মী সকলে প্ৰচণ্ড গৰমকো নেওচি ৰোগী সকলৰ মনোবল বৃদ্ধিৰ বাবে নৃত্য-গীতৰ জৰিয়তে জীপাল কৰি তুলিছে চিকিৎসালয়ৰ পৰিৱেশ ৷

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.