ETV Bharat / state

Flood in Assam:ভোগদৈ নদীয়ে ভাবুকি কঢ়িয়াইছে 30 খন গাঁৱলৈ ! - Assam flood

ভোগদৈ নদীয়ে ভাবুকি কঢ়িয়াইছে পশ্চিম যোৰহাটৰ 30 খন গাঁৱলৈ ৷ যিকোনো মুহূততে ছিগি যাব পাৰে মালৌপাম ভোগদৈ মাথাউৰি ৷ চৰকাৰী দুই বিভাগৰ মতানৈক্যৰ ফল ভূগিছে ৰাইজে ৷

Flood in Assam
ভোগদৈ নৈয়ে ভাবুকি কঢ়িয়াইছে 30 খন গাঁৱলৈ
author img

By

Published : Jun 28, 2023, 6:59 PM IST

ভোগদৈ নৈয়ে ভাবুকি কঢ়িয়াইছে 30 খন গাঁৱলৈ

যোৰহাট,28 জুন: পশ্চিম যোৰহাটৰ 30 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে ভোগদৈ নদীয়ে ৷ যিকোনো মুহূৰ্ততে ছিগিব পাৰে মালৌপাম ভোগদৈ মাথাউৰি ৷ কাৰণ ভোগদৈ নদীৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ 30 খনৰো অধিক গাঁৱৰ ৰক্ষা কৱচ স্বৰূপ মালৌপামৰ মূল মথাউৰিৰ বিভিন্ন দুৰ্বল হৈ পৰা স্থানৰ মাজেৰে প্ৰৱাহিত হৈ আছে ৷ ফলত শংকিত হৈ পৰিছে ৰাইজ ৷

সেয়েহে স্থানীয় ৰাইজ ,গড়কাপ্তানী বিভাগ আৰু জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে মথাউৰিটো ৰক্ষাৰ বাবে আহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ ৰাইজ,গড়কাপ্তানী বিভাগ আৰু জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে বস্তাত বালি ভৰাই আৰু বাহেৰে মালৌপাম মাথাউৰি ৰক্ষাৰ বাবে অপ্ৰাণ চেষ্টা চলাই আহিছে ।

কিন্তু কাৰ্যত ভোগদৈ নদীৰ সোঁতৰ পৰা উক্ত মথাউৰিটো ৰক্ষা কৰাৰ চেষ্টা কিমান দূৰ সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব। স্থানীয় ৰাইজৰ মতে - বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো বহু পলমকৈ মথাউৰি ৰক্ষা কৰাত নামিছে সংশ্লিষ্ট বিভাগটো।

ইফালে গড়কাপ্তানী বিভাগ আৰু জলসম্পদ বিভাগৰ মাজত থকা মতানৈক্যই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ হাৰাশাস্তিৰ এক অন্যতম কাৰণ বুলি উল্লেখ কৰিছে ৰাইজে ৷ এই মথাউৰিটোৰ ওপৰত এটা বিভাগে আন এটা বিভাগৰ দায়িত্ব আছে বুলি কাম কৰাৰ ক্ষেত্ৰত হেমাহি কৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

মথাউৰিটো যদি ভাগি যায় তেতিয়া হ'লে বৃহত্তৰ অঞ্চলটোত বিস্তৰ ক্ষতিৰ সন্মুখীন হ'ব । কাৰণ উক্ত অঞ্চলটো ৰাইজ প্ৰধানত কৃষি ওপৰত নিৰ্ভৰশীল । আনহাতে দীৰ্ঘদিনে ভোগদৈ নদীৰ উক্ত স্থানত এটা ৰিঙ বান্ধ দিবলৈ বিভাগক অনুৰোধ জনোৱা হৈছিল যদিও কাৰ্যত সেয়া হৈ নুঠিল ৷ যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অনাকাংক্ষিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক:Amit Malviya booked: বিজেপিৰ আইটি চেলৰ মুৰব্বীৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.