ETV Bharat / state

টীয়কত ভোগালী বিহুৰ প্ৰস্তুতি তুংগত - ভেলাঘৰ

টীয়কত ভোগালীক লৈ পূৰ্ণ প্ৰস্তুতি ৷ লাহিং লক্ষ্মীবাৰীবাসী ৰাইজে একগোট হৈ ভেলাঘৰ, মেজি নিৰ্মাণ কৰাৰ লগতে আয়তীসকলে ঘৰে ঘৰে পৰম্পৰাগত খাদ্য, পিঠা-পনা, জলপান আদি প্ৰস্তুত কৰিছে ৷

teok bhogali bihu
টীয়কত ভোগালী বিহুৰ প্ৰস্তুতি
author img

By

Published : Jan 10, 2021, 12:56 PM IST

টীয়ক,10 জানুৱাৰী : ভোগালী বিহুক আদৰাক লৈ ব্যস্ত হৈ পৰিছে যোৰহাট জিলাৰ টীয়কৰ লাহিং লক্ষ্মীবাৰীবাসী ৰাইজ ৷ গাঁৱৰ যুৱচামে নৰাৰে ভেলাঘৰ,মেজি, খৰিৰ বাবে বাঁহ,কাঠ ফলাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ লগতে উৰুকাৰ নিশাৰ বাবেও হাঁহ,মাছৰ যোগাৰ কৰিছে ।

টীয়কত ভোগালী বিহুৰ প্ৰস্তুতি

আনহাতে আয়তীসকলে ঘৰে ঘৰে পৰম্পৰাগত খাদ্য, পিঠা-পনা, জলপান আদিৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ সময় উলিয়াই ডেকাচামক কামত সহযোগিতা কৰিছে । গাঁৱৰ ডেকা-বুঢ়া সকলোৱে একেলগে কামৰ মাজতে বিহু গীতৰ তালে তালে নাচি আনন্দত আত্মহাৰা হৈ পৰিৱেশ জীপাল কৰি তুলিছে ।

বিহুৰ দিনা পুৱাই মেজিৰ তলত সকলোৱে চাহ-জলপান খাই মেজি প্ৰাংগণতে টেকেলি ভঙা, ৰছি টনাকে ধৰি বিভিন্ন খেল প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলি বিহু আয়োজকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ৰঙাপৰাৰ এখন মাছৰ বজাৰৰ শোচনীয় পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.