ETV Bharat / state

যোৰহাটত বীৰ লাচিত সেনাৰ নেতাক দুৰ্বৃত্তৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 1:29 PM IST

ক্ৰমাৎ যেন আইন-শৃংখলা পৰিস্থিতি অৱনমিত হৈছে যোৰহাট জিলাত । সংঘটিত হৈছে এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা । অপৰাধ ৰোধ কৰাত যেন ব্যৰ্থ হৈছে যোৰহাট আৰক্ষী । ইয়াৰ মাজতে সোমবাৰে নিশা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল বীৰ লাচিত সেনা অসমৰ যোৰহাট আঞ্চলিক সমিতিৰ সচিব ডিম্পল দাস ।

Beer Lachit Sena leader attacked by miscreants in Jorhat
যোৰহাটত বীৰ লাচিত সেনাৰ নেতাক দুৰ্বৃত্তৰ আক্ৰমণ
যোৰহাটত বীৰ লাচিত সেনাৰ নেতাক দুৰ্বৃত্তৰ আক্ৰমণ

যোৰহাট,২৬ ডিচেম্বৰ: যোৰহাট এটা পিছত আন এটাৰ অপৰাধজনিত ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । কাৰণ সোমবাৰে নিশাৰ ভাগত বীৰ লাচিত সেনা অসমৰ যোৰহাট আঞ্চলিক সমিতিৰ সচিব ডিম্পল দাসক নগৰৰ মাজমজিয়াৰ জেইল ৰোডত কোনো লোকে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ‌। ঘটনা বিৱৰণি অনুসৰি সোমবাৰে নিশাৰভাগত বীৰ লাচিত সেনা অসমৰ যোৰহাট আঞ্চলিক সমিতিৰ সচিব ডিম্পল দাসে মাংস ক্ৰয় কৰাৰ বাবে জেইল ৰোডৰ এখন দোকানত প্ৰৱেশ কৰে ।

মাংস ক্ৰয় কৰা পিছতে অনলাইন লেনদেনক লৈ দুয়োপক্ষৰ মাজত তৰ্কাতকি আৰম্ভ হয় । তাৰ পিছত তৰ্কাতকিয়ে চূড়ান্ত ৰূপ লয় আৰু কোনো কাৰণ নোহোৱাকৈ মাংস দোকানৰ আশে পাশে থকা লোকে ডিম্পল দাসক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে । দুৰ্বৃত্তৰূপী লোকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জিলা সমিতি সচিব ডিম্পল দাস । আহত দাসক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হয় । এই ঘটনা লগত জড়িত থকা সন্দেহত দুজনক আটক কৰা হৈছিল যদিও নিশাই আৰক্ষীয়ে দুয়োকে মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ।

আনহাতে দুৰ্বৃত্তৰ আক্ৰমণত ডিম্পল দাসে বুকু, হাত আৰু ভৰিত আঘাত পাইছে বুলি জানিব পৰা গৈছে । এই ঘটনাক সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাত জড়িতসকলৰ কঠোৰ শাস্তি দাবী উত্থাপন কৰে । উল্লেখ্য যে বিগত কেইবাটাও দিনত যোৰহাট জিলাত কেইবাটাও ডকাইতি আৰু গ্ৰেনেড বিস্ফোৰণ দৰে ঘটনা সংঘটিত হৈ অহাৰ পিছতো যোৰহাটৰ আইন শৃংখলা পৰিস্থিতি উন্নত কৰাত যোৰহাট আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উথাপিত হৈছে ।

লগতে পঢ়ক: পবিত্ৰ বৰদিনৰ দিনাই ডিব্ৰুগড়ত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা , এগৰাকী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.