যোৰহাট, 1 ফ্ৰেব্ৰুৱাৰীঃ বেংক বিষয়া আৰু কৰ্মচাৰীসকলৰ প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচীৰ ফলত দ্বিতীয় দিনাও অচল হৈ পৰিছে বেংক সেৱা। বেংক ইউনিয়ন ঐক্যমঞ্চৰ আহ্বানত বেংক বিষয়া আৰু কৰ্মচাৰীসকলে কৰা ধৰ্মঘট দুদিনত ভৰি দিলে। সমগ্র দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বেংক বিষয়া-কৰ্মচাৰীসকলে দ্বিতীয় দিনাও কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যখনৰ বিভিন্ন বেংকৰ লগতে যোৰহাট জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলত অচল হৈ পৰিছে বেংক সেৱা।
প্ৰতিবাদী বিষয়া-কৰ্মচাৰীসকলে প্ৰতিবাদৰ মাজতে জিলা উপায়ুক্তক স্মাৰক পত্ৰ দাখিল কৰে। অতি শীঘ্ৰে বেংক কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰিলে অনাগত দিনত ইয়াতকৈয়ো দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব, ইয়াৰ বাবে দায়ী হ'ব চৰকাৰ বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে । আনহাতে বিভিন্ন দাবীৰে কৰা প্ৰতিবাদী ধৰ্মঘটে সাধাৰণ গ্ৰাহকক ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে। চৰকাৰৰ জনবিৰোধী নীতিৰ বাবেই বেংক বিষয়া-কৰ্মচাৰীৰ প্ৰতিবাদৰ ফল ভুগিব লগা হৈছে সাধাৰণ জনতাই।