ETV Bharat / state

Tribute to martyrs of freedom movement: যোৰহাটত বানফী আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান - Tribute to martyrs of freedom movement

যোৰহাটৰ মৰিয়নিত অসমৰ প্ৰথম স্বাধীনতা সেনানী গমধৰ কোঁৱৰৰ সহযোদ্ধাসকলৰ স্মৃতিত বানফী আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান । শ্ৰদ্ধাৰে সুঁৱৰিলে দহা ফুকন আৰু ধেনুধৰ কোঁৱৰক । আহোম সেনাৰ তৰফৰ পৰা বীৰ দুজনাক অসম চৰকাৰৰ তৰফৰ পৰা শ্বহীদৰ উপযুক্ত মৰ্যদা প্ৰদান কৰিবলৈ আহ্বান ।

Banfi and Tribute Ceremony in Jorhat
যোৰহাটত বানফী আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 2:06 PM IST

যোৰহাটত বানফী আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান

যোৰহাট,৩ নৱেম্বৰ: ব্ৰিটিছৰ বিৰুদ্ধে অসমৰে নহয় ভাৰতৰ ভিতৰতে প্ৰথম বিদ্ৰোহ কৰি শ্বহীদ হোৱা গমধৰ কোঁৱৰৰ সহযোদ্ধাসকলৰ স্মৃতিত মৰিয়নিৰ ডেবেৰাপাৰ মৰঙ্গীয়াল গাঁওত বানফী আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান আয়োজন কৰা হয় । ১৮২৬ চনৰ ইয়ান্দাবু সন্ধিৰ বিৰোধিতাৰে অসমৰ স্বাধীনতাৰ বাবে শৰাইঘাট ৰণৰ পালি সেনাপতিসকলৰ বংশধৰ সকলৰ মূল বাসস্থান তৰাতলীত বৃটিছৰ বিৰুদ্ধে যুঁজৰ অনুশীলন চলিছিল ।

উত্তৰ গুৱাহাটীত বসবাস কৰা বহু স্বাভিমানী আহোম পৰিয়াল ব্ৰহ্মপুত্ৰ ই দি উজাই আহি তৰাতলীত বিদ্ৰোহৰ বাবে সাজু হৈছিল । ১৮২৭ চনৰ ১৫ মাঘত লাকুৱাৰ ফেনা কোঁৱৰৰ পুত্ৰক তৰাতলী ৰজাবাৰীত গমধৰ কোঁৱৰক ৰজা হিচাপে ডা-ডাঙৰীয়াসকলে সেৱা লয় আৰু ৰণৰ এক পুণাংগ প্ৰস্তুতি চলোৱা হয় । ১৮২৮ চনৰ ১৫ কাতি তাৰিখে গমধৰ কোঁৱৰক স্বগদেউ হিচাপে মানি কাষৰীয়া অঞ্চলৰ বিভিন্ন সৰু সৰু ৰাজ‍্যৰ প্ৰতিনিধিয়ে সেৱা আৰু উপহাৰ দিয়ে ।

পৰম্পৰা অনুসৰি নতুন স্বৰ্গদেওৱে ভোজৰ আযোজন কৰে লগতে আগন্তুক ৰণৰ প্ৰস্তুতি বিষয়ে আলোচনা কৰিবলৈ ডেবেৰাপাৰৰ প্ৰাচীন মৰঙ্গীয়াল নামঘৰ প্ৰাংগণত মিলিত হয় । তেনে সময়তে লেফটেনেন্ট ৰুথাৰফৰ্থৰ নেতৃত্বত অহা বৃটিছৰ চিপাহীয়ে সমগ্ৰ অঞ্চল আগুৰি ধৰে আৰু আহোম সৈন্যসকলৰ প্ৰথম মুখামুখি ৰণ সংঘটিত হয় । উক্ত ৰণত বৃটিছৰ চিপাহীৰ গুলীত দুজনকৈ আহোম সৈন্য শ্বহীদ হয় । তেওঁলোক আছিল দহা ফুকন আৰু ধেনুধৰ কোঁৱৰ ।

এই দুজন বীৰ যোদ্ধাই আত্মত‍্যাগ কৰি ৰণৰ প্ৰস্তুতি আৰু স্বগদেওক সেৱা জনাবলৈ অহা সকলো ডা-ডাঙৰীয়া লগতে অতিথিসকলক সুৰক্ষা প্ৰদান কৰি বৃটিছ চিপাহীক কেৱল হাত হিলৈ মাৰি বহু সময় বাধা প্ৰদান কৰে । শেষত বগা বঙালৰ হাতত দুয়ো শ্বহীদ হয় । উক্ত যুদ্ধৰ পিছত বৃটিছে সেই ঠাইৰপৰা ৯ টা হিলৈ, ৯ ডাল যাঠী আৰু ১১ খন তৰোৱাল উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় । সেই ৰণত শ্বহীদ হোৱা দহা ফুকন আৰু ধেনুধৰ কোঁৱৰকে ধৰি বহু কেইগৰাকী শ্বহীদ আজিও প্ৰকৃত মৰ্যদাৰ পৰা বঞ্চিত হৈ ৰৈছে ।

আনহাতে আহোম সেনা যোৰহাট জিলা সমিতি আৰু অসমৰ প্ৰথম স্বাধীনতা ৰণৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত স্বাধীনতা সেনানীসকলক ইতিহাসৰ পাতৰ পৰা তুলি অনা লগতে নকছাৰী মৰঙিয়াল গাঁৱত যোদ্ধাসকলৰ স্মৃতিত বানফী আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান আয়োজন কৰে । আহোম সেনাৰ তৰফৰ পৰা বীৰ দুজনাক অসম চৰকাৰৰ তৰফৰ পৰা শ্বহীদৰ উপযুক্ত মৰ্যদা প্ৰদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Ranoj Pegu visits Lakhimpur:লালুক মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠা আৰু ডিজিটেল পুথিভঁৰাল মুকলি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.