টীয়ক, 6 নৱেম্বৰ : ৰাজ্যত ঘটি থকা হাতী-মানুহৰ সংঘাত কোনো নতুন বিষয় নহয় ৷ দীৰ্ঘদিনীয়া এই সমস্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে বাঢ়িছেহে ৷ প্ৰায় নিতৌ এনে খবৰ আজিকালি পোৱা যায় ৷ যি হৈ পৰিছে এক গুৰুত্বপূৰ্ণ চিন্তনীয় বিষয় ৷
খাদ্যৰ নাটনি এই সংঘাতৰ কাৰণ বুলি বহুতে কব খোজে ৷ বহু লোকে বনাঞ্চল মুকলি কৰি নিজৰ সুবিধাৰ্থে বাসস্থান নিৰ্মাণ কৰা আজিৰ যুগৰ এক সুলভ দৃশ্য ৷ সেয়ে বনাঞ্চলৰ পৰা বন্যহস্তীৰ জাক ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি ক্ষতিসাধন কৰে শস্যৰ ৷
লগতে পঢ়ক : ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চাৰি ছবি
দীৰ্ঘদিনীয়া এই হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে টীয়কৰ কেইগৰাকীমান যুৱকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ পোহৰৰ উৎসৱ দীপাৱলীত চাকি-বন্তি জ্বলাবলৈ বিভিন্নজনে নিজ নিজ পদূলিত, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ৰোপণ কৰা কলপুলিসমূহ বন্যহস্তীৰ খাদ্যৰ বাবে যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে টীয়কৰ এগৰাকী উদ্যোগী ব্যৱসায়ীয়ে ৷
সঞ্জীৱ সভাপণ্ডিত নামৰ ব্যৱসায়ীগৰাকীয়ে তেওঁৰ প্ৰতিষ্ঠানৰ সহযোগীসকলৰ লগতে টীয়ক পৌৰসভাৰ সহযোগত কলপুলিসমূহ সংগ্ৰহ কৰি গিবন অভয়াৰণ্যলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ইতিমধ্যে দলটোৱে নগৰৰ ব্যৱসায়িক অঞ্চলৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় তিনি ট্ৰাক কলপুলি ৷
দীপাৱলীৰ পাচত অব্যৱহৃত হৈ পৰা এই কলপুলিসমূহ এদিনৰ বাবে হ'লেও বন্যহস্তীৰ খাদ্য হোৱাৰ আশা প্ৰকাশ কৰিছে টীয়কৰ ব্যৱসায়ী সঞ্জীৱে । ব্যৱসায়ীগৰাকীৰ এনে পদক্ষেপক সকলোৱে হাঁহিমুখে আদৰণি জনাইছে ।
লগতে পঢ়ক : ১৫ নবেম্বৰ তাৰিখৰ পৰা পুনৰ ৰাজ্য জুৰি হ’ব মেগা ভেকচিনেচন : কেশৱ মহন্ত