ETV Bharat / state

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বলাই ওজাক সম্বৰ্ধনা

author img

By

Published : Sep 6, 2021, 8:44 AM IST

অসমৰ অন্যতম ঢোলৰ ওজা শিল্পী বলাই ওজাক বিশেষ সম্বৰ্ধনা জ্ঞাপন ৷ টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত(Chandra Kamal Bezbaruah College) উদযাপন কৰা দ্বি-ষষ্ঠীতম প্ৰতিষ্ঠা দিৱস (Foundation Day) আৰু শিক্ষক দিৱস(Teachers' Day)ৰ লগত সংগতি ৰাখি এই বিশেষ সম্বৰ্ধনা জনোৱা হয় ঢোলৰ ওজাগৰাকীক ৷

teachers day celebrated
শিক্ষক দিৱস উদযাপন

টীয়ক, 6 ছেপ্তেম্বৰ : টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত(Chandra Kamal Bezbaruah College) দেওবাৰে দ্বি-ষষ্ঠিতম প্ৰতিষ্ঠা দিৱসৰ(Foundation Day) লগতে শিক্ষক দিৱস(Teachers' Day) উদযাপন কৰা হয় ৷ টীয়কৰ অন্যতম আধুনিক শিক্ষাৰ বাটকটীয়া এই মহাবিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস আৰু শিক্ষক দিৱস ৷

teachers day celebrated
শিক্ষক দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষ সম্বৰ্ধনা জনোৱা হয় অসমৰ অন্যতম ঢোলৰ ওজা শিল্পী বলাই ওজাক ৷ লগতে তেওঁক নগদ 10,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷ শিক্ষক দিৱস উপলক্ষে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা কৰ্মচাৰীসকলৰ লগতে অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু শিক্ষাবিদক সন্মান জনোৱা হয় ।

teachers day celebrated
শিক্ষক দিৱস উদযাপন

লগতে পঢ়ক: সোমবাৰৰ পৰা পূৰ্ণ গতিত আৰম্ভ হ’ব আদালতৰ কাম-কাজ

ইফালে টীয়কৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰ আজান বিদ্যালয়ৰ তৰফৰ পৰা বিশিষ্ট শিক্ষক প্ৰয়াত ‘হীৰেন বৰুৱা সোঁৱৰণী আদৰ্শ বঁটা’ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় অন্যতম কৃতী শিক্ষক ৰমেন বৰুৱাক ।

শিক্ষক দিৱস উদযাপন

কাব্যানুষ্ঠান শিকলিৰ উদ্যোগত 2020 বৰ্ষৰ ‘প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়কপৰীয়া সাহিত্য বঁটা’ সাহিত্যনুৰাগী মহলৰ উপস্থিতিত প্ৰদান কৰা হয় টীয়কৰ অন্যতম বিশিষ্ট শিক্ষাবিদ তথা লেখক ড৹ ভাৰত বৰাক । এই বঁটাটো অনাগত দিনবোৰতো সাহিত্যৰ জগতৰ সৈতে জড়িত বৃহত্তৰ টীয়ক অঞ্চলৰ বিশিষ্ট সাহিত্যিক-লেখকসকলক প্ৰদান কৰা হ’ব বুলি শিকলিৰ উদ্যোক্তাই জানিবলৈ দিছে ।

লগতে পঢ়ক: সোমবাৰৰ পৰা পুনৰ প্ৰাণ পাই উঠিব ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.