ETV Bharat / state

Rainwater conservation program: বৰষুণৰ পানী সংৰক্ষণক লৈ যোৰহাটত সজাগতামূলক অনুষ্ঠান

author img

By

Published : Jul 14, 2022, 7:27 AM IST

যোৰহাটত বৰষুণৰ পানী সংৰক্ষণ আঁচনি ৰূপায়ণ শীৰ্ষক সজাগতামূলক অনুষ্ঠান (Awareness program for rainwater conservation) ৷ যোৰহাট মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এই সজাগতামূলক অনুস্থানত বৰষুণৰ পানী সংৰক্ষণ, ভূ-গৰ্ভলৈ পানী পুনৰ ভৰণ আদি সম্পৰ্কীয় বিষয় আলোচনা কৰা হয় ৷

awareness-programme-in-jorhat-to-conserve-rainwater
Awareness programme: বৰষুণৰ পানী সংৰক্ষণ বাবে যোৰহাটত সজাগতামূলক অনুষ্ঠান

যোৰহাট, 14 জুলাই: বৰষুণৰ পানী সংৰক্ষণ তথা ভূ-গৰ্ভত পানী পুনৰ ভৰণৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব লাগে- এই লৈ যোৰহাটত এখন সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় ( Water saving awarness program at Jorhat ) ৷ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ (Jorhat Kendriya Mahavidyalaya) আই আই চি, টিচাৰ্ছ ইউনিটৰ উদ্যোগত‌, যোৰহাট জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বুধবাৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰষুণৰ পানী সংৰক্ষণ কেনেদৰে কৰিব পাৰি সেই বিষয়ত এই সজাগতা সভাখন অনুষ্ঠিত কৰা হয় ৷

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আগবঢ়োৱা অনুদানেৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ এক প্ৰকল্প মহাবিদ্যালয়ৰ চৌহদত ৰূপায়ন কৰা হৈছে । লগতে অন্যান্য মহাবিদ্যালয়সমূহতো এই প্ৰকল্প ৰূপায়নৰ প্ৰচেষ্টা হাতত লোৱাৰ সন্দৰ্ভত সজাগতা অনুষ্ঠানটোত উপস্থিত থকা যোৰহাট জিলাৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধানসকলৰ লগত আলোচনা কৰা হয় ৷

উক্ত অনুষ্ঠানত উপস্থিত আছিল যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন (Jorhat DC Ashok Kumar Barman) ৷ অনুষ্ঠানতটোত উপস্থিত থাকি জিলা উপায়ুক্ত গৰাকীয়ে কয়, "ভূ-গৰ্ভত জলস্তৰ ক্ৰমাৎ নিম্নগামী হৈছে । বন ধ্বংস, প্ৰাকৃতিক দুৰ্যোগ, পকীকৰণ আদি বিভিন্ন কাৰণৰ ফলত ভূ-গৰ্ভলৈ পানী সোমাই যোৱাত বাধাৰ সৃষ্টি হৈছে । সেয়েহে ভূ গৰ্ভৰ জলস্তৰ ক্ৰমাৎ নিম্নগামী হৈ আহিছে । ফলত কম বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় । তাৰোপৰি ভূ-গৰ্ভৰ পানীত আৰ্চেনিক, ফ্লৰাইডৰ পৰিমাণ বৃদ্ধি হোৱাত এই পানী খোৱাৰ অনুপযোগী হৈ পৰিছে । সেয়েহে, বৰষুণৰ পানী সংৰক্ষণ কৰি খোৱাৰ উপযোগী কৰি লোৱাৰ লগতে ভূ-গৰ্ভলৈ পানী পুনৰ ভৰণৰ বাবে যোৰহাট জিলাত প্ৰথম পৰিকল্পনা কৰি কাৰ্যত ৰূপায়ন কৰিবলৈ আচঁনিখন আৰম্ভ কৰা হৈছে" ।

ইতিমধ্যেই, যোৰহাটত নগৰ পানী যোগান বিভাগে দীৰ্ঘদিনৰ পূৰ্বে খোৱা পানী যোগান আঁচনি প্ৰতিষ্ঠা কৰাৰ পাছতো ভূ-গৰ্ভৰ জলস্তৰ নিম্নগামী হোৱাৰ বাবে সেই আঁচনি নিষ্ক্ৰিয় হৈ পৰিছিল ৷ অৱশ্যে এতিয়া দুখন নতুন পানী যোগান আঁচনিৰ দ্বাৰা পুনৰ ভূ-গৰ্ভলৈ পানী ভৰাই দিয়াৰ বাবে কাৰ্যক্ৰম প্ৰস্তুত কৰা হৈছে । এনেদৰে পানী সংৰক্ষণ আঁচনি যোৰহাটতে পোণ প্ৰথমে কৰি তোলা হৈছে । এই আচঁনি ৰাজ্যৰ অন্য জিলাৰ বাবেও এক আদৰ্শ হ’ব বুলি প্ৰকাশ কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

লগতে সভাত উপস্থিত থাকে ভাৰত চৰকাৰৰ জল শক্তি মিছনৰ ৰাষ্ট্ৰীয় ন'ডেল বিষয়া, কেন্দ্ৰীয় চৰকাৰৰ উপ সচিব মৃতুঞ্জয় শৰ্মা, কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ কুমাৰ শইকীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা, জল শক্তি মিছনৰ অন্যান্য বিষয়ববীয়া, জিলাখনৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধানসকল, কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে ৷

লগতে পঢ়ক: যোৰহাটত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.