ETV Bharat / state

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ হাবিত উদ্ধাৰ অসমীয়া যুৱকৰ মৃতদেহ

author img

By

Published : Feb 24, 2020, 10:34 PM IST

বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত বাষষ্ঠি ঘৰীয়া নিবাসী প্ৰয়াত ধদুৱা চুতীয়াৰ পুত্ৰ ৰমেশ চুতীয়া নামৰ লোকজনেৱ দেওবাৰে পুৱা নগা পাহাৰৰ কাষত দিন হাজিৰা কাম কৰিবলৈ গৈ নিৰুদ্দেশ হয় । সোমবাৰে পুৱা গাঁওবাসী আৰু পৰিয়াললোকে নাগালেণ্ডৰ পাহাৰৰ সন্ধান চলাওঁতে এটি জুৰিৰ কাষত উলংগ আৰু ডিঙি চিপ থোৱা অৱস্থাত ৰমেশ চুতীয়াৰ মৃতদেহ প্ৰত্যক্ষ কৰে ।

Assamese boy deadbody found at Nagalend forest
চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ হাবিত উদ্ধাৰ অসমীয়া যুৱকৰ মৃতদেহ

বেকাজান,24 ফেব্ৰুৱাৰীঃ অসম নাগালেণ্ড সীমান্তৰ বেকাজান ৬২ ঘৰীয়া গাঁৱৰ এগৰাকী ব্যক্তিৰ মৃতদেহ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ চাংপাঙ বস্তিৰ এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ ঘটনাই সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত বাষষ্ঠি ঘৰীয়া নিবাসী প্ৰয়াত ধদুৱা চুতীয়াৰ পুত্ৰ ৰমেশ চুতীয়া নামৰ লোকজনে দেওবাৰে পুৱা নগা পাহাৰৰ কাষত দিন হাজিৰা কাম কৰিবলৈ গৈ নিৰুদ্দেশ হয় । সন্ধিয়ালৈ ৰমেশ চুতীয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে গাঁওবাসীৰ সহযোগত নগা পাহাৰত ৰাতি এঘাৰ মান বজালৈকে সন্ধান চলাই যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে । ঘটনাৰ সন্দৰ্ভত পৰিয়াললোকে বেকাজান আৰক্ষী চকীত খবৰ দিয়ে । নিশা ৯ বজাত বেকাজান আৰু বৰহোলা থানাৰ এটা পোন্ধৰ জনীয়া যৌথ আৰক্ষী দলে ঘটনাস্থলি উপস্থিত হৈ ব্যক্তিজনক পাহাৰৰ দাঁতিত বিচাৰ খোচাৰ কৰে যদিও আৰক্ষীয়েও ব্যক্তিজনৰ শুংসূত্ৰ উলিয়াবলৈ অসমৰ্থ হয় ৷

আনহাতে, সোমবাৰে পুৱাই পুনৰ গাঁওবাসী আৰু পৰিয়াললোকে নাগালেণ্ডৰ পাহাৰৰ সন্ধান চলাওঁতে এটি জুৰিৰ কাষত উলংগ আৰু ডিঙি চিপ থোৱা অৱস্থাত ৰমেশ চুতীয়াৰ মৃতদেহ প্ৰত্যক্ষ কৰে । মৃতদেহটোৰ এখন হাত ভঙা আছিল । এই খবৰ লাভ কৰাৰ পিছত বেকাজান আৰু বৰহোলা আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । লগে লগে অসম আৰক্ষীয়ে নাগালেণ্ডৰ ৱাখা জিলাৰ চাংপাঙ আৰক্ষী থানাত খবৰ দিয়ে । পিছত চাংপাঙ আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তিতাবৰৰ দণ্ডাধিশৰ উপস্থিতত বেকাজান চমজাই দিয়ে ৷ বেকাজান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে মৰণোত্তৰৰ প্ৰতিবেদনৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব এয়া আত্মহত্যা নে হত্যাকাণ্ড ।

পৰিয়ালৰ লোকে তেখেতক কোনো দুৰ্বত্তই পাহাৰত হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । যিহেতু মৃতদেহ উদ্ধাৰ সময়ত হাত ভঙা আছিল । ইফালে গাঁওবাসীয়ে বেকাজান সীমান্ত অঞ্চলত কিছুদিনৰ পৰা এটি সশস্ত্ৰ নগা উগ্ৰপন্থী দলে বিচৰণ কৰি কৰ সংগ্ৰহৰ তথ্য লাভ কৰা পৰিপ্ৰেক্ষিতত এই ঘটনাত উগ্ৰপন্থীয়ো জৰিয়ত থকাৰ সন্দেহ প্ৰকাশ কৰিছে । সম্প্ৰতি ৰাইজে এই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক-কোকৰাঝাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে যোগদান ৰাকেশ ৰৌশনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.