তিতাবৰ, 7 আগষ্ট : শেহতীয়াকৈ শুকুৰবাৰে নিশা, অসম ৰাইফলছে(Assam Rifles) মেৰাপানীৰ অসম-নগালেণ্ড সীমান্তত থকা নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড মুইভা গোট( National socialist council of Nagaland IM)ৰ এটা শিবিৰ ধ্বংস কৰিছে ৷ শিবিৰ উৎখাত কৰাৰ লগতে উগ্ৰপন্থী সংগঠনটোৰ NSCN(IM) চাৰি দুধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয় অসম ৰাইফলছে (Assam Rifles) ৷ অসম ৰাইফলছৰ চতুৰ্দশ গোট(14th Assam Rifles) গোটে চলাইছিল এই অভিযান ৷
মেৰাপানী সীমান্তৰ মিকিৰাং বস্তিত চলা এই অভিযানত অভিযানকাৰী দলটোৱে এক বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয় । অসম ৰাইফলছৰ অভিযানকাৰী দলটোৱে এই অভিযানত AK-47, AK-56, AK-81, M-16 ৰাইফলৰ লগতে বুজন পৰিমাণৰ গুলি-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য বিগত মাহৰ শেষৰ পিনেও অসম-নগালেণ্ড সীমান্তত কেইবাগৰাকীও NSCN উগ্ৰপন্থী আটক হৈছিল ৷
অৱশ্যে, আটক হোৱা সকলৰ মাজত কেইবাজনো নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড খাপলাং গোটৰ(National socialist council of Nagaland k) চমুকৈ NSCN(K) সদস্যও আছিল ৷ কেৱল সীমান্ততেই নহয় চৰাইদেউ জিলাৰ সোণাৰিতো NSCN(IM) সদস্যক আটক কৰিবলৈ সক্ষম হৈছিল অসম ৰাইফলছ ৷
লগতে পঢ়ক : কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও মেঘালয়ক দিয়া নহ'ব : কাৰ্বি ছাত্ৰ সন্থা