ETV Bharat / state

Naga aggression:তিতাবৰত নগাই অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ জ্বলাই দিলে অসম আৰক্ষীয়ে

অসমৰ ভূমিত নগাৰ আগ্ৰাসন অব্যাহত আছে (Naga aggression on Assam land)। ইয়াৰ মাজতে পুনৰ তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৰ পানীখেতিত নগাই অবৈধভাৱে নিৰ্মাণ কৰিলে ঘৰ । অসম আৰক্ষীয়ে উচ্ছেদ কৰে ঘৰটো ।

Titabor
তিতাবৰত নগাই অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ জ্বলাই দিলে অসম আৰক্ষীয়ে
author img

By

Published : Feb 6, 2022, 5:10 PM IST

তিতাবৰ,৬ ফেব্ৰুৱাৰী : দীৰ্ঘদিন ধৰি অসমৰ ভূমিত নগাৰ আগ্ৰাসন চলি আহিছে (Naga aggression on Assam land)। আৰক্ষী তথা প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নগাৰ আগ্ৰাসন ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে । এই ক্ষেত্ৰত পুনৰ কঠোৰ হৈছে অসম আৰক্ষী । অসম-নগালেণ্ড সীমান্তৰ তিতাবৰৰ পানীখেতি অঞ্চলত দেওবাৰে অসম আৰক্ষীয়ে ধ্বংস কৰি জ্বলাই দিয়ে নগাই নিৰ্মাণ কৰা এটা ঘৰ ।

বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত পানীখেতিৰ নগাপাহাৰৰ সমীপৰ অসমৰ ভূমিত প্ৰায় আঠ বিঘা মাটি দখল কৰি অচিনাক্ত নগা দুৰ্বৃত্তই নিৰ্মাণ কৰিছিল এটা ঘৰ । দেওবাৰে এই তথ্য লাভ কৰি তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ এটা বৃহৎ দল । মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে প্ৰথমে নগাই নিৰ্মাণ কৰা ঘৰটো ভাঙি দিয়ে লগতে উভালি পেলাই নগাই স্থাপন কৰা ফেঞ্চিংসমূহ । পাছত ধ্বংস কৰা ঘৰটো জ্বলাই দিয়ে আৰক্ষীৰ দলটোৱে (Assam police demolish house constructed by Naga)।

উল্লেখ্য যে, অসম-নাগালেণ্ড সীমান্তৰ ই চেক্টৰৰ অধীনৰ পানেখেতি অঞ্চলৰ অসম ভূমিৰ সমতল অংশ দখলৰ বাবে দীৰ্ঘদিনে নগাই চেষ্টা চলাই আহিছে । কিন্তু অসম আৰক্ষী তথা প্ৰশাসনৰ পদক্ষেপৰ বাবে বেদখলত সফল হ'ব পৰা নাই নগা লোকসকল । আৰক্ষীৰ এনে দৃষ্টান্তমূলক পদক্ষেপৰ শলাগ লৈছে তিতাবৰৰ স্থানীয় লোকসকলে ।

*Location : পানীখেতি, যোৰহাট 1st Byte : নৱনীতা শৰ্মা, মহকুমা আৰক্ষী বিষয়া 2nd Byte : গাঁওবুঢ়া

লগতে পঢ়ক :Anti Drugs Mission : কৰিমগঞ্জ বদৰপুৰত বৃহৎ পৰিমাণৰ ড্রাগছ জব্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.