ETV Bharat / state

Assam Govt Cabinet : কেবিনেট বৈঠকৰ বাবে ন-ৰূপ পাইছে যোৰহাটে - Assam govt cabinet meeting

যোৰহাটত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক (Assam govt cabinet meeting in Jorhat) । যাৰ বাবে এতিয়া নগৰখনক সুন্দৰ ৰূপত সজাই তুলিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে বিভাগসমূহ ।

Jorhat
Jorhat
author img

By

Published : Dec 10, 2022, 5:01 PM IST

Updated : Dec 10, 2022, 5:34 PM IST

কেবিনেট বৈঠকৰ বাবে ন-ৰূপ পাইছে যোৰহাটে

যোৰহাট, ১০ ডিচেম্বৰ : ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক (Assam govt cabinet meeting in Jorhat) । যাৰ বাবে এতিয়া সৰ্বাংগসুন্দৰ ৰূপত সজাই তোলা হৈছে যোৰহাট নগৰক । ভগ্ন পথ পুনৰ নিৰ্মাণৰ লগতে ৰং-তুলিকাৰে সজাই তোলা হৈছে দেৱাল আৰু পকীবেৰসমূহ । কেবিনেটৰ সুবাদতে যেন কদৰ্যময় যোৰহাট এতিয়া সুন্দৰ হৈ পৰিছে (Jorhat town renovated foe cabinet meeting) ।

উল্লেখ্য, অহা ১৫ ডিচেম্বৰত যোৰহাট জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেবিনেট বৈঠক (Himanta Biswa Sarma govt cabinet meeting) । উক্ত বৈঠকৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলাখনৰ যিসমূহ অৰ্ধনিমিত তথা বিধ্বস্ত পথ আছে সেইসমূহ পুনৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ । কোনো ত্ৰুটি নৰখাকৈ সৰ্বাঙ্গসুন্দৰ ৰূপত সজাই-পৰাই তোলা হৈছে যোৰহাট নগৰখন (Assam govt cabinet meeting) ।

ইয়াৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে বিভিন্ন বিভাগসমূহ । লগতে ঘনে ঘনে বৈঠকত মিলিত হৈছে জিলা প্ৰশাসন । ইয়াৰ উপৰি লেতেৰা দেৱাল আৰু পকীবেৰত ৰং-তুলিকাৰে সজাই জাকত-জিলিকা কৰি তোলা হৈছে । মুঠৰ ওপৰত যোৰহাটৰ ৰাইজে কোনো দিনে নেদেখা এখন প্ৰতিচ্ছবি দেখিবলৈ পাইছে এইকেইটা দুনত । যাৰ বাবে সকলোৱে ক'বলৈ বাধ্য হৈছে, বছৰেকত তিনিবাৰকৈ হ'লেও জিলাখনত অনুষ্ঠিত হওক কেবিনেট বৈঠক ।

আনহাতে, প্ৰথমবাৰৰ বাবে যোৰহাটত কেবিনেট বৈঠক অনুষ্ঠিত কৰাক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যোৰহাট জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী বিজয় শংকৰ বৰদলৈয়ে । তেওঁ কেবিনেট বৈঠকত যোৰহাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায় । লগতে যোৰহাটৰ বহুমহলীয়া কাৰ পাৰ্কিং, যোৰহাটৰ যান-জঁটৰ সমস্যা, ডাম্পিং গ্ৰাউণ্ডৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে যাতে কেবিনেটে প্ৰস্তাৱ গ্ৰহণ কৰে তাৰ বাবেও আহ্বান জনায় । লগতে যোৰহাটৰ বিভিন্ন সমস্যা সমাধানৰ সুবিধাৰ্থে বিশেষ পেকেজ ঘোষণা কৰিবলৈও আহ্বান জনায় ।

উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা অসম চৰকাৰখনে বিভিন্ন ৰাজ্যত অনুষ্ঠিত কৰি আহিছে চৰকাৰৰ কেবিনেট বৈঠকসমূহ । পূৰ্বৰ দিছপুৰৰ মজিয়াতে কেবিনেট বৈঠক সীমাবদ্ধ ৰখা পৰম্পৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে কেবিনেট বৈঠক অনুষ্ঠিত হৈছে । ৰাজ্য চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত (cabinet meeting at Gandhi Mandap Guwahati) ।

লগতে পঢ়ক :Swahid Divas In Nalbari: নলবাৰীত শ্বহীদ দিৱস পালন

Last Updated : Dec 10, 2022, 5:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.