যোৰহাট,21জুলাইঃ বিগত দহটা দিনৰ ভিতৰত দুটাকৈ তথা বছৰৰ তৃতীয়টো বানৰ কবলত পৰিছে টীয়কৰ জাঁজীমুখ ৷ বছৰৰ তৃতীয়টো বানে জলমগ্ন কৰিছে জাঁজীমুখৰ প্ৰায় 25খনকৈ গাঁও । জাঁজীমুখ-টীয়ক সংযোগী গড়কাপ্তানি পথকে ধৰি প্ৰায়বোৰ পথ এতিয়া পানীৰ তলত ।
দুদিন পূৰ্বে পানী শুকোৱাৰ বাবে আশ্ৰয় শিবিৰ,মথাউৰিত থকা বৰ্নাত্যই নিজ ঘৰলৈ গৈছিল যদিও সোমবাৰৰ নিশাৰ পৰা পুনৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বাঢ়নী পানীয়ে পুনৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাত ঘৰ এৰি মথাউৰিলৈ ঢাপলি মেলিব লগা হৈছে জাঁজীমুখৰ ৰাইজ ৷ লগতে পশুধনসমূহক লৈও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী