যোৰহাট, ১৬ আগষ্ট: যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি বুধবাৰে ৰাইজৰ বাবে উৎসৰ্গা কৰা হয় যোৰহাটৰ প্ৰথমখন ৰে’লৱে উৰণ সেঁতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰে যোৰহাট নগৰ আৰু ন আলি সংযোগী ৰে‘লৱে উৰণ সেঁতুখন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেঁতুখনে যোৰহাটৰ যান-জঁট তথা যাতায়ত সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশাব্যক্ত কৰে ।
যোৰহাটত নতুনকৈ দুখন উৰণ সেঁতু নিৰ্মাণ কৰা কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যোৰহাট বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ এখন আৰু আনখন যোৰহাটৰ পৰা মৰিয়নিক সংযোগী কৰি নিৰ্মাণ কৰা হ’ব উৰণ সেঁতু দুখন ৷ শীঘ্ৰে এই উৰণ সেঁতু দুখনৰ শিলান্যাস কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।
ইফালে যোৰহাটৰ খোৱাপানী সমস্যা সমাধানৰ বাবে প্ৰায় ১০০কোটিৰো টকা ব্যয়ৰে এখন আঁচনি ৰূপায়ন কৰা কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ ভোগদৈ খনন আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ বাবেও আঁচনি লোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে যোৰহাট-গুৱাহাটীৰ মাজত দৈনিক বিমান সেৱা, ৰৰৈয়া বিমান বন্দৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাৰ কথাও ব্যক্ত কৰে । মুখ্যমন্ত্ৰী শৰ্মাই যোৰহাটত অনুষ্ঠিত সভাত ৬০খন জলজীৱন আঁচনিও মুকলি কৰে ।
আজি সকলো কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাটো যোৰহাটত কটাব ৷ বৃহস্পতিবাৰে পুৱা বিভিন্ন শিক্ষানুষ্ঠান ছাত্র-ছাত্রীসকল সৈতে পুৱা আহাৰ গ্ৰহণ কৰাৰ লগতে আবৰ্ত্ত ভৱনত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ উপৰি মৰম যোৰহাট অধীনত মিল্ক ভেণ্ডিঙ চাইকেল শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী শৰ্মাই ।
উৰণ সেঁতুখন উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে যোৰহাট বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিজেপিৰ ৰাজ্যিক সম্পাদক পবিত্ৰ মাৰ্ঘেৰিটা । উল্লেখ্য যে, প্ৰায় ৮০০মিটাৰ দৈঘ্যৰ ন আলি সংযোগী উৰণ সেঁতুখন নিৰ্মাণৰ বাবদ প্ৰায় ৮৮ কোটি টকা আৰু ভূমি অধিগ্ৰহণ বাবে ১৯ কোটি টকা ব্যয় হৈছিল ৷ এই উৰণ সেঁতুখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি দ্বাৰা যৌথভাৱে নিৰ্মাণ কৰা হৈছে । ২০১৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট প্ৰথম উৰণ সেঁতুৰ শিলান্যাস কৰিছিল ৷
লগতে পঢ়ক: EM Ajanta neog at Jorhat: নিৰ্মাণ সম্পূৰ্ণ; আগষ্টত মুকলি হ'ব যোৰহাট ন-আলি সংযোগী উৰণীয়া সেঁতু