ETV Bharat / state

Jorhat Book Fair: সামৰণি পৰিল যোৰহাট গ্ৰন্থমেলা, ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী - ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাৰিৰ মাজেৰে দেওবাৰে সামৰণি পৰিল যোৰহাটৰ অসম গ্ৰন্থমেলা (Assam Book Fair in Jorhat ) ৷ প্ৰায় ১ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী কৰি এইবাৰ যোৰহাট গ্ৰন্থমেলাই অভিলেখ স্থাপন কৰে (Assam Book Fair in Jorhat ended) ৷

Assam Book Fair in Jorhat
Assam Book Fair: সামৰণি পৰিল যোৰহাটত অনুষ্ঠিত অসম গ্ৰন্থমেলা, ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী
author img

By

Published : Dec 11, 2022, 10:43 PM IST

সামৰণি পৰিল যোৰহাট গ্ৰন্থমেলা

যোৰহাট, 11 ডিচেম্বৰ: নিজম পৰিল যোৰহাট কাছাৰীৰ ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰি ৷ গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাৰিৰ মাজেৰে দেওবাৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা (Assam Book Fair in Jorhat ) ৷ এইবাৰ প্ৰায় ১ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী কৰি যোৰহাট গ্ৰন্থমেলাই অভিলেখ স্থাপন কৰে (Assam Book Fair in Jorhat ended) ৷

আজি সামৰণি অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, শিক্ষামন্ত্ৰী ৰনোজ পেগু ,সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে ৷ দহদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ কাছাৰী ময়দানত অসম প্ৰকাশন পৰিষদ (Assam Prakasan Parishad) আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত শৈক্ষিক কেন্দ্ৰ, যোৰহাটৰ সহযোগত আয়োজন কৰা অসম গ্ৰন্থমেলাই অভিলেখ সংখ্যক হাৰত প্ৰায় ১ কোটি টকাৰো অধিক গ্ৰন্থ বিক্ৰী কৰিবলৈ সক্ষম হয় ৷ লগতে অসম প্ৰকাশন পৰিষদৰ ৭ লাখৰো অধিক টকা গ্ৰন্থ বিক্ৰী কৰা হয় ৷ এয়া গুৱাহাটীৰ বাহিৰত অভিলেখ স্থাপন বুলি জানিবলৈ দিয়ে ৷

আনহাতে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয় যে (President of Bodo Sahitya Sabha Taren Boro) গ্ৰন্থপ্ৰেমীৰ এনে উৎসাহ দেখি তেওঁ অভিভূত ৷ আনহাতে আজি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে (Education Minister Ranoj Pegu)কয় যে গ্ৰন্থপ্ৰেমীৰ এনে উৎসাহে সদায় উৎসাহিত কৰি আহিছে ৷ লগতে অসমীয়াৰ পৰা ইংৰাজীলৈ আৰু ইৰাজীৰ পৰা অসমীয়ালৈ গ্ৰন্থসমূহ ইতিমধ্যে অনুবাদ কৰি প্ৰকাশ কৰি উলিওৱা হৈছে ৷ এইবাৰ দিল্লীত অসম গ্ৰন্থমেলা আয়োজন কৰা হ'ব ৷

আজি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত গ্ৰন্থপ্ৰেমী ৰাইজৰ উৎসাহ ব্যাপক হাৰত দেখা যায় ৷ উল্লেখযোগ্য যে যোৰহাটত অনুষ্ঠিত অসম গ্ৰন্থমেলাত ৰাজ্য আৰু বহি:ৰাজ্যৰ কেইবাগৰাকীও চিন্তাবিদ, লেখক, প্ৰৱন্ধকাৰ, সাহিত্যিককে আদি কৰি বহুকেইগৰাকীৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

আজি গ্ৰন্থমেলা সামৰণি পৰাৰ লগে লগে নিজম হৈ পৰিল যোৰহাটৰ কছাৰীৰ ময়দানৰ অসম গ্ৰন্থমেলা বাকৰি ৷ যোৰহাটৰ পিছত তৃতীয় আৰু চতুৰ্থখন গ্ৰন্থমেলা ক্ৰমে গুৱাহাটী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: Assam TMC joining meeting : ৰিপুন বৰাৰ উপস্থিতিত দুই শতাধিকৰ তৃণমূল কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.