ETV Bharat / state

3 মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ৰ 22 সংখ্যক সমাৱৰ্তন অনুষ্ঠান

author img

By

Published : Feb 26, 2022, 1:14 PM IST

অসম কৃষি বিশ্ববিদ্যালয়তেই(Assam Agriculture University) বিশ্বৰ ভিতৰত একমাত্ৰ বিশ্ববিদ্যালয় য’ত চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা প্ৰদান কৰা হয় । ছশৰো অধিক শিক্ষক, গৱেষক আৰু সম্প্ৰসাৰণ বিশেষজ্ঞই এই বিশ্ববিদ্যালয়ৰ যোগেদি কৃষি আৰু পশু চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত সেৱা আগবঢ়াই আছে ।

Assam Agriculture University
অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট, 26 ফেব্ৰুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ 22 সংখ্যক সমাৱৰ্তনখন (Assam Agriculture University convocation) 3 মাৰ্চত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷ অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে এই সমাৱৰ্তন অনুষ্ঠানখন পৌৰহিত্য কৰিব । অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় অতিথি হিচাপে কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ।

Assam Agriculture University
অসম কৃষি বিশ্ববিদ্যালয়

সমাৱৰ্তনত বিগত দুটা বছৰৰ স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমূহ প্ৰদান কৰা হ’ব । অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমুহ প্ৰদান কৰা হ’ব বুলি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University ) । 1969 চনৰ 1 এপ্ৰিলত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে । প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল।

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ বুজ ল’লে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.